আৰক্ষীৰ জালত কিশোৰী অপহৰণকাৰী চক্ৰ

আৰক্ষীৰ জালত কিশোৰী অপহৰণকাৰী চক্ৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ গৃহ বিভাগ যিমানেই কঠোৰ নহওক কিয় অসমত এতিয়াও অব্যাহত আছে অবৈধ বেহা, ডকাইতি হত্যা আদিৰ দৰে দুষ্কাৰ্য। মঙলবাৰে নিশা জাগীৰোড আৰক্ষীৰ জালত পৰিছে এটা কিশোৰী অপহৰণকাৰী চক্র।

আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বাবুল আলী আৰু বছিৰ আহমেদ নামৰ দুজন অপৰাধীক। লগতে মৈৰাবাৰীৰ আলী উপাধিৰ এজন ফাৰ্মাচীষ্টকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলটো।

উল্লেখ্য যে, এই অপহৰণকাৰী চক্ৰটোৱে তেজপুৰৰ পৰা বহিঃৰাজ্যত বিক্রীৰ বাবে আনিছিল ২গৰাকী কিশোৰী। সেই সময়তে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অপহপণকাৰী চক্ৰটো।

আৰক্ষীৰ জালত কিশোৰী অপহৰণকাৰী চক্ৰ
বকোত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in