/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a7af2c2f-dece-466d-978c-1ce269b23b61/o9.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছে মহিলা বিশ্বকাপ ক্ৰিকেট। জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি প্ৰথমখন ছেমি ফাইনেলৰ দুৱাৰদলিত উপস্থিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল।
বিশ্বকাপৰ মহাৰণত নিউলেণ্ড ক্ৰিকেট গ্ৰাউণ্ডত বুধবাৰে মুখামুখি হ'ব দুই শক্তিধৰ অষ্ট্ৰেলিয়া আৰু ভাৰত। আজি সন্ধিয়া ৬-৩০ বজাত ফাইনেল খেলাৰ লক্ষ্যৰে খেলপথাৰত নামিব হাৰমণপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰত আৰু মেগ লানিং নেতৃত্বাধীন অষ্ট্ৰেলিয়া।
যিটো দলে এই মেচত জয়লাভ কৰিব সেই দলটোৱে বিশ্বকাপৰ ফাইনেলত উপনীত হ'ব। উল্লেখ্য যে কাইলৈ আনখন ছেমি ফাইনেলত অৱৰ্তীৰ্ণ হ'ব ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা।
Also Read: গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ল অভিনেতা অক্ষয় কুমাৰৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us