
ডিজিটেল ডেস্কঃ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ল অভিনেতা অক্ষয় কুমাৰৰ। অভিনেতাগৰাকীয়ে অনুৰাগীৰে ছেলফি তুলি এই অভিলেখ গঢ়িলে।
অনুৰাগীৰ সৈতে মাত্ৰ ৩ মিনিটতে ১৮৪ খন ছেলফি উঠে অভিনেতা অক্ষয় কুমাৰে। উল্লেখ্য যে বুধবাৰে অক্ষয় কুমাৰসহ আন আন কলা-কুশলীসকল মুক্তি পাবলগীয়া 'ছেলফী' শীৰ্ষক ছবিখনৰ প্ৰচাৰৰ বাবে এক অনুষ্ঠানত ভাগ লৈছিল।
উক্ত অনুষ্ঠানতে অনুৰাগীসকলৰ লগত মাত্ৰ ৩ মিনিটতে ১৮৪খন ছেলফি উঠি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। এই কৃতিত্বৰ বাবে অভিনেতাগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।