/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/fbdfbb7d-3cd7-450a-98ce-067737c302e9/ind_vs_aus.jpg)
ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া ৰেংকিঙৰ দ্বিতীয় স্থানলৈ অৱনমিত ভাৰতীয় ক্ৰিকেট দল। কিছুদিন পূৰ্বে ব'ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ট্ৰফী আৰু এদিনীয়া শৃংখলা খেলাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণলৈ আহিছিল অষ্ট্ৰেলিয়া ক্ৰিকেট দল।
ব'ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ট্ৰফীত ভাৰতৰ হাতত পৰাস্ত হ'লেও এদিনীয়া শৃংখলাত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই আলহী দলটোৱে। মাতৃৰ বিয়োগৰ বাবে পেট কামিন্স স্বদেশলৈ ঘূৰি যোৱাত দলৰ নেতৃত্ব লাভ কৰে ষ্টিভ স্মিথে। সেয়ে ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দলক নেতৃত্ব প্ৰদান কৰে ষ্টিভ স্মিথে।
তিনিখনীয়া শৃংখলাৰ প্ৰথমখন মেচত ঘৰুৱা দলটোৰ হাতত পৰাস্ত হ'লেও পৰৱৰ্তী দুয়োখন মেচতে উজলি উঠে কেংগাৰু বাহিনী। ঘৰৰ মাটিত ভাৰতক ২-১ৰ ব্যৱধানত পৰাস্ত কৰি এদিনীয়া শৃংখলা দখল কৰে।
ফলত অষ্ট্ৰেলিয়াৰ হাতত এদিনীয়া শৃংখলা হেৰুওৱাৰ লগতে ভাৰতে এদিনীয়া ৰেংকিঙৰ শীৰ্ষস্থানো কেংগাৰু বাহিনীক এৰি দিবলগীয়া হয়। বৰ্তমানলৈকে ৰেংকিঙৰ শীৰ্ষত অষ্ট্ৰেলিয়া থকাৰ বিপৰিতে ভাৰত দ্বিতীয়স্থানলৈ অৱনমিত হয়। আনহাতে তৃতীয়ৰ পৰা দশমস্থানলৈ আছে ক্ৰমে নিউজিলেণ্ড,ইংলেণ্ড,পাকিস্তান,দক্ষিণ আফ্ৰিকা,বাংলাদেশ,শ্ৰী লংকা,ৱেষ্ট ইণ্ডিজ আৰু আফগানিস্তান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4b012416-86e4-4f71-87fd-54cdbe0a6365/team_india_lost_to_australia_bcci_photo_1679501943.avif)
Also Read: গুৱাহাটীত ICC এদিনীয়া বিশ্বকাপৰ মেচ...