/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c5f0b8b2-a249-47f8-b7f8-2ba02adf4f37/ACA_22.jpg)
গুৱাহাটীত ICC এদিনীয়া বিশ্বকাপৰ মেচ...
ডিজিটেল ডেস্কঃ গুৱাহাটীত অনুষ্ঠিত হ'ব আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচ ! অক্টোবৰৰ ৫ তাৰিখৰ পৰা নৱেম্বৰৰ ১৯ তাৰিখলৈ ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ !
এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও বি চি চি আইৰ সূত্ৰত এই খবৰ প্ৰকাশ কৰিছে এটা ৱেবচাইটে। উল্লেখ্য যে আই চি চিৰ মেগা ইভেণ্টখন অনুষ্ঠিত হোৱাৰ এটা বছৰ পূৰ্বেই আই চি চিয়ে ইয়াৰ সূচী প্ৰকাশ কৰে যদিও ২০২৩ ত ভাৰতৰ মাটিত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ সূচী এতিয়াও আনুষ্ঠানিক ভাৱে প্ৰকাশ হোৱা নাই।
বি চি চি আইৰ সূত্ৰত প্ৰকাশ পোৱা এক খবৰ অনুসৰি ভাৰতে বিশ্বকাপখনৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিব। ১০ টা দলৰ মুঠ ৪৮ খন মেচৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ মুঠ ১২ খন ষ্টেডিয়াম সাজু কৰি তোলা হৈছে।
এই ৪৮ খন মেচৰ বাবে ৪৬ টা দিন ধাৰ্য কৰা হৈছে। বিশ্বকাপৰ ফাইনেল মেচখন খেলা হ'ব আহমেদাবাদস্থিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত।
ইয়াৰোপৰি অন্যান্য মেচসমূহৰ বাবে বি চি চি আইয়ে বেংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হাইদৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইণ্ডোৰ, ৰাজকুট আৰু মুম্বাইক ভেন্যু হিচাপে নিৰ্বাচিত কৰিছে। অৱশ্যে এয়া আনুষ্ঠানিক ঘোষণা নহয়।
ই এছ পি এন ক্ৰিকইনফ' নামৰ ৱেবচাইটোৱে বি চি চি আইৰ সূত্ৰত প্ৰকাশ কৰা এক খবৰহে এয়া। এতিয়াও এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই। আনহাতে বিশ্বকাপ খেলিবলৈ অহা আটাইকেইটা দলে তিনিখন মূল চহৰত ৱাৰ্ম আপ মেচসমূহ খেলিব।
Also Read: মুম্বাইৰ নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেলত ষ্ক্ৰিণিং হ'ব পাৰ্থ সাৰথি মহন্তৰ দুই লেখনি...