/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9fbd5cfe-1c1b-4b04-a709-917c3adfe3ea/350.jpg)
ডিজিটেল ডেস্ক : এফালে ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল অষ্ট্ৰেলিয়া। আনফালে প্ৰতিপক্ষ হিচাপে ক্ৰিকেটৰ শিশু নেডাৰলেণ্ডছ। মেচৰ পূৰ্বেই যেন অনুৰাগীৰ মনত ফলাফল নিৰ্ণয় হৈছিল। তথাপিও যেন কোনোও সঠিককৈ ক'ব নোৱাৰে। ক্ৰিকেট যে অনিশ্চিয়তাৰে ভৰা খেল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b413a468-8aea-4050-a2e9-445d4da5b7cc/CRICKET_WORLDCUP_AUS_NLD__25_1698225844286_1698225958361.webp)
পূৰ্বানুমান অনুসৰিয়েই অষ্ট্ৰেলিয়াই নেডাৰলেণ্ডছৰ বিৰুদ্ধে সহজে জয়লাভ কৰিলে। ৩০৯ ৰানৰ বিশাল ব্যৱধানত জয়ী কেংগাৰু বাহিনী। বুধবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল অষ্ট্ৰেলিয়া আৰু নেডাৰলেণ্ডছৰ মাজত উত্তেজনাহীন মেচ।
টছত জয়ী হৈ কেংগাৰু বাহিনীয়ে প্ৰথমে বেট ধৰি ডেভিদ ৱাৰ্ণাৰ আৰু মেক্সৱেলৰ শতকৰ সহায়ত ৩৯৯ ৰানৰ পাহাৰ গঢ়ি তোলে। এই বিশাল ৰানৰ অগ্ৰগতিত আছে ষ্টিভ স্মিথ আৰু লাবুচাংগেৰ দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ। অ'পেনিঙতে দলৰ ভেটি গঢ়ি তুলিছিল ৱাৰ্ণাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/85f7fd01-39c0-481f-9257-045434edd748/d8KfH8ZW.webp)
তাৰপিছত ষ্টিভ স্মিথ আৰু লাবুচাংগে দলীয় স্ক'ৰ আগুৱাই নিয়ে যদিও পিছত উইকেটৰ পতন ঘটে। ৬ নম্বৰ স্থানত বেটিং কৰিবলৈ অহা গ্লেন মেক্সৱেলে আক্ৰমণাত্মক বেটিঙৰে মাত্ৰ ৪০ টা বলতে শতক অৰ্জন কৰে। তেওঁ এই শতকীয় ইনিংছটোত আছিল ৯টা বাউণ্ডেৰী আৰু ৮টা অ'ভাৰ বাউণ্ডেৰী। শেষৰ পিনে তেওঁৰ এই শতকীয় ইনিংছে ৩৯৯ ৰানৰ বিশাল স্ক'ৰ সংগ্ৰহ কৰাত বিশেষভাৱে অৰিহণা যোগায়।
ইফালে ৰানৰ পাহাৰ দেখি আদবাটতে থৰকাচুটি হেৰুৱাই নেডাৰলেণ্ডছে। বিজয় লক্ষ্য অনুসৰণ কৰিবলৈ গৈ মাত্ৰ ২১ অ'ভাৰতে কেউটা উইকেট হেৰুৱাই ৯০ ৰানতে যুঁজ সমাপ্ত কৰি পৰাজয় স্বীকাৰ কৰে। দলৰ হৈ বিক্ৰমজিত সিঙে সৰ্বাধিক ২৫ ৰান কৰে। বাকীসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d44ea5b2-5c65-42c3-91ae-d0665ee20c5d/CRICKET_ICC_MENS_WC_2023_AUS_NED_ODI_254_1698243052915_1698243103851.webp)
আনহাতে মেক্সৱেললৈ ‘প্লেয়াৰ অৱ দা মেচ’ৰ সন্মান আগবঢ়োৱা হয়। ইয়াৰোপৰি বিশ্বকাপ২৩ত তেওঁ গঢ়ে এক অভিলেখ। বিশ্বকাপ ক্ৰিকেটত দ্ৰুতম শতক অৰ্জন কৰা বাবে তেওঁ অভিলেখৰ গৰাকী হয়।
Also Read: এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ! ৫০১ টা মৃণ্ময় মূৰ্তিৰে আয়োজন কৰা দুৰ্গা পূজা সফলভাৱে সম্পন্ন