এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাৰ স্বৰ্ণ অৰ্জন...

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাৰ স্বৰ্ণ অৰ্জন...
এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাৰ স্বৰ্ণ অৰ্জন...

ডিজিটেল ডেস্কঃ অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাই লাভ কৰিছে আন এক সফলতা। দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ১৫ সংখ্যক এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত হৃদয়ে অৰ্জন কৰিলে সোণৰ পদক।

কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইতিমধ্যে সফলতা অৰ্জন কৰি দেশৰ শ্বুটিং ক্ষেত্ৰখনৰ উজ্জল নক্ষত্ৰ হৈ পৰা উত্তৰ লখিমপুৰৰ হৃদয়ে প্ৰতিযোগিতাখনৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰত দলীয় শাখাত এই সফলতা লাভ কৰিছে।

৩ জনীয়া ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনত চীন আৰু জাপানৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি স্বৰ্ণ অৰ্জন কৰিছে। হৃদয়ৰ আন দুজন সহযোগী আছিল অৰ্জুন বাবুটা আৰু দিব্যাংশ সিং পানৱাৰ।

প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে মুঠ ১৮৯২.৪ পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য, ইয়াৰ পূৰ্বে হৃদয়ে চলিত বছৰৰ মে' মাহত অনুষ্ঠিত আই এছ এছ এফ ৱৰ্ল্ড কাপত ৰূপৰ পদক অৰ্জন কৰিছিল। সেয়া আছিল হৃদয়ৰ বিশ্বকাপৰ প্ৰথমটো পদক।

২০১৮ ত চাংৱনত অনুষ্ঠিত হোৱা জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ব্যক্তিগত স্বৰ্ণ অৰ্জন কৰিছিল। ইয়াৰোপৰি তেওঁ জুনিয়ৰ আই এছ এছ এফ বিশ্বকাপত ২০১৮ ত স্বৰ্ণ আৰু ২০১৯ ত এটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাৰ স্বৰ্ণ অৰ্জন...
নিৰ্বাচনৰ পূৰ্বে তেলেংগানা বিজেপিত খহনীয়া অব্যাহত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in