/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ddc87fcc-4fa0-42fb-8d17-1d45fc787373/telengana_27.jpg)
নিৰ্বাচনৰ পূৰ্বে তেলেংগানা বিজেপিত খহনীয়া অব্যাহত...
ডিজিটেল ডেস্কঃ তেলেংগানা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত খহনীয়া অব্যাহত আছে। ৰাজ্যখনৰ প্ৰাক্তন বিধায়ক কোমাটিৰেড্ডী ৰাজ গোপালে বিজেপি ত্যাগ কৰি পুনৰ কংগ্ৰেছত যোগদান কৰিছে।
বৃহস্পতিবাৰে প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপি ত্যাগ কৰি দিল্লীত কংগ্ৰেছত যোগদান কৰিলে। দিল্লী কংগ্ৰেছৰ প্ৰভাৰী মাণিকৰাও ঠাকৰে, তেলেংগানাৰ কংগ্ৰেছ নেতা ৰেৱন্ত ৰেড্ডী, ভাট্টি বিক্ৰমকৰ্তা আৰু উত্তম কুমাৰ ৰেড্ডীৰ উপস্থিতিত দলটোলৈ পুনৰ ঘূৰি আহে।
উল্লেখ্য, এইগৰাকী প্ৰাক্তন বিধায়কে বিগত বছৰত মুনুগোড বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল যদিও বি আৰ এছৰ প্ৰাৰ্থী কে প্ৰভাকৰ ৰেড্ডীৰ হাতত পৰাস্ত হৈছিল।
এই সমষ্টিৰ পৰাই পূৰ্বে তেওঁ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰি বিজয় সাব্যস্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত পদত্যাগ কৰি পুনৰ উপ-নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰি পৰাস্ত হৈছিল।