/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b67c99e4-8136-4c87-96a5-efaa8b3fe37d/hoi_gudu_14.jpg)
মানকাচৰৰ কাউৱাহাগীত পৰম্পৰাগত হৈগুদু খেলৰ প্ৰতিযোগিতা...
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ মানকাচৰৰ ঝালোৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাউৱাহাগী গাঁৱত আজিৰ পৰা হৈ গুদু খেলৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। স্বাধীনতা দিৱস আৰু আজাদী কা অমৃত মহোৎসৱ উপলক্ষে এইবেলি এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
আজি আৰ এইছ খান এই প্ৰতিযোগিতাৰ শুভাৰাম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। এই কাৰ্যসূচীত মানকাচৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নাৰগিছ খানৰ অভিভাবক ছামিউল আমিন বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল।
প্ৰতিযোগিতৰ আজি প্ৰথমখন খেল কাউৱাহাগী আৰু উৰাৰভূই গাঁৱৰ মাজত অনুষ্ঠিত কৰা হৈছে। এই খেলখনত উৰাৰভূই দলে জয়লাভ কৰিছে। অসমৰ পৰম্পৰাগত এই হৈ-গুদু খেলৰ প্ৰতিযোগিতা এতিয়াৰ পৰা প্ৰতিবছৰে গাওঁখনত আয়োজন কৰা হ'ব বুলি উদ্যোগতাসকলে জানিবলৈ দিছে।
এই টুৰ্ণামেণ্টৰ চূৰান্ত বিজয়ী দলক এটা ষাড়গৰু দিয়াৰ লগতে ৰানাৰ্চ আপ দলক পঠা ছাগল দিয়া হ'ব। আগন্তক ১০-১২ দিনলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত যিকোনো গাঁৱৰ যিকোনো দলে অংশগ্ৰহনণ কৰিব পাৰিব বুলিও উদ্যোগতাসকলে জানিবলৈ দিছে।
Also Read: নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত আছুৰ ২৪ ঘণ্টীয়া অনশন...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us