/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/03f7e77c-60dc-42a1-8402-3012a14e20fc/namrup_14.jpg)
নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত আছুৰ ২৪ ঘণ্টীয়া অনশন...
ডিজিটেল সংবাদ নামৰূপঃ নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত বাতিল, নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন আৰু সাৰ কেলেংকাৰীৰ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ যোগেদি তদন্তৰ দাবী তুলি সদৌ অসম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি পুৱা ৯ বজাৰ পৰা ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে। নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰা এই অনশন কাৰ্যসূচী ১৫ আগষ্টৰ পুৱা ৮ বজাত সামৰণি পৰিব।
এই অনশনস্থলী পৰা জিলা ছাত্ৰ সন্থাই প্ৰেৰণ কৰা এক বিবৃতিত কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে তাৰ বিৰোধিতা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই কৰিছে আৰু এই ষড়যন্ত্ৰ বন্ধ কৰি পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নামৰূপ চতুর্থ গোট স্থাপনৰ দাবী জনাইছে। কেন্দ্ৰীয় সাৰ মন্ত্ৰী ডাঃ মনসুখ মাণ্ডব্যক দিল্লীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নামৰূপ সাৰকাৰখানা বন্ধৰ সিন্ধান্ত বাতিলৰ দাবী লৈ সাক্ষাৎ কৰাৰ সময়ত কেন্দ্ৰীয় সাৰমন্ত্ৰী গৰাকীয়ে নামৰূপত চতুৰ্থ গোট স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলি উল্লেখ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0de8bd85-a906-4d7e-9cb0-6c5bf426bc13/1b65d4a4_8d25_46c6_a076_ef72ac74ede0.jpg)
এই কথা উল্লেখ কৰি সংগঠনটোৱে কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চতুৰ্থগোট স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও ছাত্ৰ সন্থা আস্বস্ত নহয়। তাৰ পৰিপ্ৰেক্ষিততে বিগত সাত বছৰৰ দৰে আজিও পুনৰ ১৪ আগষ্ট পুৱা ৯ বজাৰ পৰা ১৫ আগষ্ট পুৱা ৯ বজালৈ স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়লৈ ২৪ ঘণ্টীয়া অনশন ৰূপায়ন কৰিছে ছাত্ৰ সন্থাই।
ছাত্ৰ সন্থাৰ স্পষ্ট দাবী নামৰূপ সাৰকাৰখানা বন্ধৰ সিদ্ধান্ত বাতিল কৰি নামৰূপ চতুৰ্থ গোট স্থাপন কৰক আৰু ৰাসায়নিক সাৰৰ কেলেংকাৰী কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ যোগেদি তদন্ত কৰক । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত আৰু সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে অনশনস্থলীৰ পৰা প্রকাশিত বিবৃতিত কয় যে, নামৰূপ সাৰকাৰখনা এটা জীৱিত উদ্যোগ ইয়াক হত্যাৰ ষড়যন্ত্র কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a583ed4d-7b00-4bf5-b863-246f860769a0/1a106285_cc70_451f_9c42_793ef1bdb108.jpg)
এই ষড়যন্ত্ৰ নামৰূপ সাৰকাখানাৰ ভিতৰ চৰাৰ পৰা আৰম্ভ কৰি দিল্লীলৈ চলিছে। এয়া ৰাসায়নিক সাৰ কেলেংকাৰী তদন্ত গাপ দিয়াৰ ষড়যন্ত্রৰ এটা অংশ । ২০২১ চনৰ ২৭ আগষ্টত পোহৰলৈ অহা নামৰূপ সাকাৰখানাৰ বৃহৎ ৰাসায়নিক সাৰৰ কেলেংকাৰীৰ তদন্ত আজিও নহ'ল। যাৰ বাবে এই কেলংকাৰীৰ বহু দিশ পোহৰলৈ নাহিল।
এই তদন্ত সঠিক ৰূপ হোৱা হলে অসমত চলি থকা ৰাসায়নিক সাৰৰ ক'লা বজাৰ বন্ধ হ'ল হেতেন কিন্তু এই সকলো বিষয় গাপ দিয়া হ'ল। তদন্ত সঠিক ৰূপত কৰাৰ পৰিবৰ্তে সাৰৰ ডিলাৰসমূহক নামৰূপলৈ নিমন্ত্ৰণ কৰি শ্ৰেষ্ঠ বিক্ৰেতাৰ বঁটাহে প্ৰদান কৰিলে সাকাৰখানাৰ কৰ্তৃপক্ষই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/690ecd7c-e99a-4a67-be88-4c18f1fdbe78/cf425be3_6422_456d_96da_85a7f025a2cf.jpg)
উল্লেখযোগ্য যে, সাৰ কেলেংকাৰী পোহৰলৈ অহা সময়ত উদ্যোগটোৰ বিপণন প্রবন্ধক দায়িত্ব থকা এছ কে সিও নামৰ বহু বিতৰ্কত বিষয়াগৰকীয়ে সাৰ কাৰখানাৰ কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈয়ে প্রায় ১১ মাহ সময় চাকৰিত মকৰলত নাছিল। যি সময়ত এমাহৰ ছুটিৰ বাবে অন্য বিষয়-কৰ্মচাৰীয়ে হাহাকাৰ কৰিব লগা পৰিৱেশ তেনে সময়ত উক্ত বিষয়া জন তদন্তত দোষী বুলি প্রমাণ হোৱাৰ পাছতো ৰহস্যজনক কাৰণত ১১ মাহৰ দৰমহা মোকলাই দিবলৈ বিভিএফচি এলৰ চিএমডি মহান্তিয়ে নির্দেশ প্রদান কৰিছে।
ইয়াৰ উপৰিও শেহতীয়াভাৱে সাৰ উদ্যোগটোৰ বিপণন বিভাগে ৩০০ খনতকৈ অধিক সাৰৰ বিপণী বা ডিলাৰ কোনো বিজ্ঞাপন নিদিয়াকে, কোনো সাক্ষাৎকাৰ নোলোৱাকৈ প্রচলিত নিয়ম ভংগ কৰি অনুমোদন দিয়াৰ অভিযোগ আহিছে । উক্ত উদ্যোগটোত উদ্যোগিক ভিজিলেন্সৰ শাখা যদিও আছে তেওঁলোকে নিৰপেক্ষ ৰূপত কাম নকৰি চকু মুদা কুলিৰ ভাও ধৰি থাকে।
গতিকে এইসমূহ বিষয়ক প্রত্যাহ্বান জনাই কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ যোগেদি ছাত্ৰ সন্থাই তদন্তৰ দাবী কৰিছে । বিবৃতি পত্ৰত চৰকাৰলৈ ছাত্ৰ সন্থাই প্ৰশ্ন উত্থাপন কৰি কয়, প্ৰধানমন্ত্ৰীয়ে সকলোৰে বিকাশৰ কথা কয়, নামৰূপ সাকাৰখানাৰ বিকাশ ক'ত ? প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৱক অষ্টলক্ষ্মী বুলি কয়, উত্তৰপূবক ইমান বঞ্চনা কিয়?
চৰকাৰে স্বচ্ছ আৰু নিকা নিয়মৰ কথা কয়, নামৰূপ সাকাৰখানালৈ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আহিবনে ? শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰে সাৰ কেলেংকাৰীৰ সঠিক তদন্ত কৰিবনে? ইয়াৰ উপৰিও তদন্তত গাফিলতি কৰা বিষয়াৰ ওপৰত ব্যৱস্থা হ'বনে বুলিও প্ৰশ্ন কৰে প্ৰতিবাদী সংগঠনটোৰ নেতৃত্বই।
Also Read: 'কথা-আৰণ্যক'ৰ মুখ্য উপদেষ্টা পদ্ম গগৈক বোকাখাত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা..