
ডিজিটেল সংবাদ মঙলদৈ: দৰং জিলাৰ বাবে এটি ভাল খবৰ। দৰং জিলাৰ পাথৰিঘাট অঞ্চলৰ পোটাপুখুৰি গাঁওৰ সুযোগ্য সন্তান হিতেশ কলিতা জিলিকি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। হিতেশ কলিতাই "কেটেগৰী-২ ৰাষ্ট্ৰীয় ফুটবল খেল ৰেফাৰী" পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দৰং জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী হোৱাৰ সন্মান অর্জন কৰিছে ।
হিতেশ কলিতা পোটাপুখুৰি গাঁওৰ থানেশ্বৰ কলিতাৰ পুত্ৰ। কলিতাৰৰ সাফল্যত দৰং জিলাৰ ক্ৰীড়া জগতত আনন্দৰ জোৱাৰ উঠে। এই সাফল্যত মঙলদৈ ক্ৰীড়া সন্থা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ চহৰীয়া সম্পাদক সত্যৰঞ্জন ডেকা, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, আন্তঃ মঙলদৈ ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী, দৰং জিলা সাহিত্য সভা, দৰং জিলা মইনা পাৰিজাত, মঙলদৈ প্ৰেছ ক্লাব, দৰং জিলা বাৰ্তাজীবী সংঘ,অসম বাৰ্তাজীবী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা,বৰমপুৰ জাতীয় বিদ্যালয় আদি অনুস্থান প্ৰতিস্থান ব্যক্তিয়ে শুভেচ্ছা জনাই।
হিতেশ কলিতাৰ এই সাফল্যই জিলাখনক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাত সহায়ক হ'ব বুলি বিবেচিত হ'ব বুলি চৰ্চা চলিছে।