বিজেপিৰ অংকত আউল ! ২ টাকৈ সমষ্টিত অকলেই নিৰ্বাচনত প্ৰাৰ্থী দিব বি পি এফে...

বিজেপিৰ অংকত আউল ! ২ টাকৈ সমষ্টিত অকলেই নিৰ্বাচনত প্ৰাৰ্থী দিব বি পি এফে...
বিজেপিৰ অংকত আউল ! ২ টাকৈ সমষ্টিত অকলেই নিৰ্বাচনত প্ৰাৰ্থী দিব বি পি এফে...

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ এটা বছৰ। ২০২৪ ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ৰাজনৈতিক দলৰ মাজতে আৰম্ভ হৈছে তৎপৰতা। তাৰ মাজতে আকৌ মিত্ৰতাক কেন্দ্ৰ কৰিও হৈছে চৰ্চা।

কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদিয়ে বিজেপিৰ ৰোধ কৰিবলৈ বিৰোধী একত্ৰিত হোৱাটো বিচাৰিছে যদিও এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাক অস্বীকাৰ কৰিছে। আনহাতে বিজেপিয়ে মিত্ৰজোঁটৰ অগপ, ইউ পি পি এল আৰু মিত্ৰজোঁটৰ অংশীদাৰ নোহোৱা স্বত্বেও বিজেপিক সমৰ্থন জনোৱা বিপিএফৰ সৈতে ৰণনীতি প্ৰস্তুত কৰাৰ কথাও চৰ্চা হৈছিল।

তাৰ মাজতে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা। ২০২৪ ৰ লোকসভা নিৰ্বাচনত দলটোৱে কাৰো লগত মিত্ৰতা স্থাপন নকৰে। অকলেই খেলিব নিৰ্বাচন।

এছ টিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিত দলটোৱে অকলেই প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। আনহাতে সমষ্টি পুনৰ গঠন কৰিলে ওদালগুৰী সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে।

হাগ্ৰামা মহিলাৰীৰ মতে বি পি এফ আজিৰ তাৰিখত অকলেই নিৰ্বাচন খেলিব পৰাকৈ শক্তিশালী। উল্লেখ্য যে কোকৰাঝাৰ বংশীগাঁৱত আজি বি পি এফৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি সংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

এই কৰ্মী সভা আৰম্ভ হৈছিল ওদালগুৰীৰ পৰা। আজি কোকৰাঝাৰত এই কৰ্মী সভাৰ অন্ত পৰে।

বিজেপিৰ অংকত আউল ! ২ টাকৈ সমষ্টিত অকলেই নিৰ্বাচনত প্ৰাৰ্থী দিব বি পি এফে...
যুদ্ধই কি দিয়ে, সকলো কাঢ়ি নিয়ে ! এবছৰীয়া হ'ল 'ইউক্ৰেইন ৱাৰ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in