কানাডাত ভাৰতীয় ছাত্ৰৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ

ফলত ছাত্ৰগৰাকীয়ে চকু-মুখ আদিত আঘাতপ্ৰাপ্ত হয়
dibrugarh firing
dibrugarh firing

ডিজিটেল ডেস্কঃ পুনৰ বিদেশত ভাৰতীয় শিক্ষাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ অত্যাচাৰ। এই ঘটনা সংঘটিত হৈছে কানাডাত।

গণদীপ সিঙ নামৰ শিখ ছাত্ৰগৰাকীক কানাডাত কোনো অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই ছাত্ৰগৰাকীৰ মূৰৰ পাগুৰি খুলি দিয়াৰ লগতে মাৰধৰ কৰে। আনকি তেওঁক চুলিত ধৰি পথত চোঁচৰাই নিয়ে বুলিও অভিযোগ।

যাৰ ফলত ছাত্ৰগৰাকীয়ে চকু-মুখ আদিত আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। অৱশ্য বৰ্তমানলৈকে দুৰ্বৃত্তৰ দলটোৰ কোনো সম্ভেদ লাভ কৰা নাই।

dibrugarh firing
কলিয়াবৰৰ শিশু বিজ্ঞানীৰ চমকঃ চিংগাপুৰ ভ্ৰমণৰ সুযোগ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in