দাতাই দিলেও, বিধাতাই নিদিয়ে : আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক নঘটিল হৰ্ষিত ৰাণাৰ

দাতাই দিলেও, বিধাতাই নিদিয়ে : আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক নঘটিল হৰ্ষিত ৰাণাৰ

author-image
Asomiya Pratidin
New Update
দাতাই দিলেও, বিধাতাই নিদিয়ে : আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক নঘটিল হৰ্ষিত ৰাণাৰ

ডিজিটেল ডেস্ক : জাতীয় দলত স্থান লাভ কৰিও, অভিষেক নঘটিল প্ৰতিভাৱান ক্ৰিকেটাৰ হৰ্ষিত ৰাণাৰ। বাংলাদেশৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল হৰ্ষিতক। কিন্তু শনিবাৰে অনুষ্ঠিত শৃংখলাৰ অন্তিম তথা তৃতীয়খন মেচত মূল একাদশত স্থান নাপালে খেলুৱৈগৰাকীয়ে।

Advertisment

হয়তো বহুতে ভাবিছিল যে বিগত দুয়োখন মেচত স্থান নাপালেও, অন্তিমখন মেচৰ মূল একাদশত দলত স্থান লাভ কৰি জাতীয় দলৰ টুপী পৰিধান কৰিব। অভিষেক ঘটিব আন্তৰ্জাতিক ক্ৰিকেটত। কিন্তু সেয়া হৈ নুঠিল।

জানিব পৰা মতে শাৰীৰিক অসুস্থতাৰ হেতু তেঁও দলৰ পৰা বাদ পৰে। চৰ্দি- জ্বৰ হৈ থকা বাবে তেঁও আনকি অনুশীলন কৰাৰ পৰাও বিৰত থাকে। আজিৰ মেচখনত হৰ্ষিত ৰাণাৰ অভিষেক ঘটাৰ পূৰ্ণ সম্ভাৱনা আছিল। সেয়ে এতিয়া সকলোৰে মুখে মুখে দাতাই দিলেও, বিধাতাই নিদিয়ে !

Also Read: প্ৰতিদিন টাইমে আয়োজন কৰা ‘ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ-২০২৪’ প্ৰতিযোগিতাৰ ফলাফল...

ind vs ban