প্ৰতিদিন টাইমে আয়োজন কৰা ‘ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ-২০২৪’ প্ৰতিযোগিতাৰ ফলাফল...

প্ৰতিদিন টাইমে আয়োজন কৰা ‘ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ-২০২৪’ প্ৰতিযোগিতাৰ ফলাফল...

author-image
Asomiya Pratidin
New Update
প্ৰতিদিন টাইমে আয়োজন কৰা ‘ট্ৰেণ্ডছ শাৰদী শ্ৰেষ্ঠ-২০২৪’ প্ৰতিযোগিতাৰ ফলাফল...

ডিজিটেল ডেস্ক : বিজয়া দশমীৰ দিনটোতে ঘোষণা কৰা হ’ল প্ৰতিদিন টাইমে আয়োজন কৰা ‘TRENDS শাৰদী শ্ৰেষ্ঠ-২০২৪’ প্ৰতিযোগিতাৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিমা শিতানত তিনিচুকীয়াৰ শ্ৰীপুৰীয়া পূৰ্বাঞ্চল দুৰ্গা পূজা কমিটীয়ে লাভ কৰে পুৰস্কাৰ।

Advertisment

একেদৰে শ্ৰেষ্ঠ অভিনৱ সৃষ্টিশৈলী পূজা শিতানত বৰপেটা ৰোডৰ প্ৰগতি সংঘ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে লাভ কৰে পুৰস্কাৰ। সৰ্বশ্ৰেষ্ঠ পূজা শিতানত পুৰস্কাৰ লাভ কৰে দুলীয়াজানৰ জয়ানগৰ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা সমিতিয়ে।

ইফালে শ্ৰেষ্ঠ ছ’চাইটী পূজা পুৰস্কাৰ লাভ কৰে কাহিলিপাৰাৰ উত্তৰায়ন ভিলা ছ’চাইটী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে। ইতিমধ্যে কাহিলিপাৰাৰ উত্তৰায়ন ভিলা ছ’চাইটী সাৰ্বজনীন দুৰ্গা পূজা সমিতিক বঁটা প্রদান কৰে ‘প্রতিদিন টাইম’ৰ এটা দলে।

Also Read: মধুপুৰ সত্ৰত গুৰুজনাৰ জন্ম জয়ন্তী পালন...

pratidin time durga puja Trends