প্ৰথম খেলতেই বিষ্ফোৰক প্ৰদৰ্শন মুম্বাই ইণ্ডিয়ানছৰ

প্ৰথম খেলতেই বিষ্ফোৰক প্ৰদৰ্শন মুম্বাই ইণ্ডিয়ানছৰ

ডিজিটেল ডেস্ক : শনিবাৰৰ পৰা আৰম্ভ হৈছে ৱমেনছ প্ৰিমিয়াৰ লীগ । ক্ৰিকেটৰ জনপ্ৰিয় টি-২০ সংস্কৰণৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সফলতাৰ পাছত মহিলাৰ বাবেও আৰম্ভ কৰা হৈছিল ৱমেনছ প্ৰিমিয়াৰ লীগ । বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ সকলৰ সৈতে দেশৰ বহু নতুন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই প্ৰিমিয়াৰ লীগত ।

মূলত : মহিলা ক্ৰিকেটো সমানেই জনপ্ৰিয় কৰি তোলাৰ মানসেৰে হাতত লোৱা হৈছিল এই পৰিকল্পনা । তাৰেই ফলস্বৰূপে শনিবাৰে নিশা ৱমেনছ প্ৰিমিয়াৰ লীগৰ প্ৰথম খেলত মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হৈছিল গুজৰাট জায়েন্টছ । মুম্বাইৰ দলৰ হৈ খেলিছিল অসম তনয়া জিন্টিমনি কলিতায়ো ।

প্ৰথমখন খেলতেই বিষ্ফোৰক প্ৰদৰ্শনেৰে বিপক্ষক সকিয়াই দিলে মুম্বাই ইণ্ডিয়ানছে । প্ৰথমে নেটিং কৰা মুম্বাই ইণ্ডিয়ানছে গুজৰাট জায়েন্টছৰ সন্মুখত বান্ধি দিছিল ২০৭ ৰানৰ লক্ষ্য । আনহাতে, চাইকা ইশ্বাকৰ দুৰ্দান্ত বলিঙৰ সন্মুখত নিৰ্লজভাৱে আত্মসমৰ্পন কৰি দিলে গুজৰাটে । কেৱল ৬৪ ৰানতেই অল আউট । ১৪৩ ৰানৰ বৃহৎ ব্যৱধানত জয় লাভ মুম্বাই ইণ্ডিয়ানছৰ ।

অসম তনয়া জিন্টিমনিয়েও সমগ্ৰ দেশবাসীৰ সন্মুখত দেখুৱালে নিজৰ প্ৰতিভা । টি-২০ৰ দৰে এটা সংস্কৰণত দুটা অভাৰত খৰচ কৰিলে কেৱল ১২ ৰান । অৰ্থাৎ গড়ে ৬ ৰানকৈ । এইদৰেই খেলিলে ভৱিষ্যতৰ খেলসমূহত যে জিন্টিমনিয়ে অতি শীঘ্ৰেই উইকেট দখলৰ দৌৰত নামি পৰিব সেইয়া নিশ্চিত ।

প্ৰথম খেলতেই বিষ্ফোৰক প্ৰদৰ্শন মুম্বাই ইণ্ডিয়ানছৰ
মুকালমুৱাৰ ভাংনামাৰী চৰত PMAY আঁচনিৰ নামত কেলেংকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in