/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/76aaad8b-44b8-492b-b51f-aa7bf5e2e150/110.jpg)
ডিজিটেল ডেস্ক : পুনৰ গোলপীয়া চহৰত পৰিণত হোৱাৰ দিশে গুৱাহাটী। আকৌ সেই উন্মাদনা, উত্তেজনা, হাল্লা বোল...। এদিনৰ পাছতে আই পি এল জ্বৰত আক্ৰান্ত হ'ব দেশ। ২২ মাৰ্চৰ পৰা দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হ'ব ২০২৪ বৰ্ষৰ আই পি এল।
নিৰ্ভৰযোগ্য সূত্ৰত পোৱা তথ্যমতে গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আই পি এলৰ দুখন মেচ। এক কথাত পুনৰ গুৱাহাটীত অনুষ্ঠিত হ'ব আই পি এলৰ মেচ ! বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছৰ অন্যতম স্বত্বাধিকাৰী ৰঞ্জিত বৰঠাকুৰে জনোৱা মতে বৰ্ষাপাৰাত ৰাজস্থানে দুখন মেচ খেলিব।
অৱশ্যে কোন দুটা দলৰ বিৰুদ্ধে খেলিব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। যিহেতু ৰাজস্থান ৰয়েলছে জয়পুৰৰ উপৰি গুৱাহাটীক দ্বিতীয় গৃহ চহৰ হিচাপে স্বীকৃতি দিছে, সেই সুবাদতে দুখন মেচ আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/96fc18ed-fcad-4b95-a0fb-2f03df1d66e0/pratidintime_2023_01_29599c36_93b3_488a_8f50_fb2c4e821507_IMG_20230107_163141993__2_.avif)
উল্লেখ্য যে আই পি এলৰ ২০২৩ছিজনতো দুখন মেচ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল। ঘৰুৱা দল ৰাজস্থানে পাঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল।
ৰাজস্থানৰ প্ৰতিভাৱান তাৰকা তথা অসম সন্তান ৰিয়ান পৰাগৰ গৃহ চহৰত অনুষ্ঠিতব্য মেচকলৈ দৰ্শকৰ পৰা পূৰ্বৰ দৰে সহাঁৰি লাভ কৰিব বুলি ফ্ৰেন্সাইজীটোৱে আশা প্ৰকাশ কৰিছে। কাৰ্যতঃ যদিহে ৰাজস্থান ৰয়েলছৰ মেচ গুৱাহাটীত অনুষ্ঠিত হয়; তেন্তে পুনৰ গোলাপীয়া চহৰ হোৱা দিশে আগবাঢ়িব গুৱাহাটী। ষ্টেডিয়ামভৰ্তি দৰ্শকৰ মুখে মুখে ভাহি আহিব হাল্লা বোল...হাল্লা বোল।
Also Read: মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ : বাসগৃহৰ আশে-পাশে ১৪৪ ধাৰা জাৰি