/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3a2227ce-5c37-4fc2-9d45-41cd39cb4f1a/109.jpg)
ডিজিটেল ডেস্ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া মৰ্চাত মোক্ষম আঘাত। সুৰা নীতি কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
বৃহস্পতিবাৰে বিয়লি ইডিয়ে প্ৰায় ৩ঘণ্টা ধৰি সোধা-পোচাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছতে ইডিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে কেজৰিৱালক।
আজি নিশাটো হয়তো ইডিৰ কাৰ্যালয়তে ৰখা হ'ব। ইতিমধ্যে ইডি দপ্তৰত চি আৰ পি এফৰ কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে কেজৰিৱালৰ মোবাইল ফোনকে ধৰি বিভিন্ন নথি-পত্ৰ জব্দ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/9161aa27-0eb5-440d-8aa9-3bbb1ea367e4/lekgddq8_ed_arvind_kejriwal__625x300_21_March_24.png)
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ বাসগৃহৰ বাহিৰত আপৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলে। কেজৰিৱালৰ গ্ৰেপ্তাৰত ৰাজনৈতিক উদ্দেশ্য লুকাই থকাৰ অভিযোগ তুলিছে আপে। ষড়যন্ত্ৰমূলকভাৱে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও অভিযোগ তুলিছে আপ নেতৃত্বই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/91cc89cf-6440-4e6a-82ff-eaf071c052ba/Kejriwal_5_1711036277962_1711036303202.avif)
ইফালে আপৰ নেতা-কৰ্মীসকল যিকোনো সময়তে ক্ষোভিত হৈ উঠিব পাৰে বুলি আৰক্ষী তথা প্ৰশাসনে কঠোৰ নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে। ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ আশে-পাশে প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।
Also Read: মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তিৰ দাবী অখিল গগৈৰ