/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/270ba836-25af-484f-81a5-27e4224a0114/kaziranga_tattoo.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : মনে প্ৰাণে কাজিৰঙাক ভালপোৱা এগৰাকী বিদেশী পৰ্যটক ৷ সৰ্ব শৰীৰত কাজিৰঙাৰ ছবি অংকন কৰি কাজিৰঙাক বুকুৰ মাজত সাৱতি ৰাখিব বিচৰা চুইডেনৰ মটিয়াচ নামৰ পৰ্যটক গৰাকী ইতিমধ্যে ছবাৰকৈ আহিছে কাজিৰঙালৈ ৷
কিন্তু ২০২০ বৰ্ষত কাজিৰঙাত থকা অৱস্থাতে সৃষ্টি হোৱা কভিড পৰিস্থিতিৰ বাবে বিপদৰ সন্মুখীন হ’ব লগীয়া হৈছিল বিদেশী পৰ্যটক গৰাকী ৷ কভিডৰ বাবে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বিভীষিকাৰ মাজত কাজিৰঙাত আৱদ্ধ হৈ পৰিল মটিয়াচ ৷ একাধিকবাৰ বিমান যাত্ৰাৰ সুযোগ হেৰুৱাই আৰ্থিকভাৱে জুৰুলা হৈ পৰা বিদেশী পৰ্যটক গৰাকীক সহৃদয়তা আগবঢ়ালে কাজিৰঙাৰ বহুজনে ৷ অৱশেষত টুৰিষ্ট গাইড বিতুপন কলঙৰ আৰ্থিক সহযোগিতাত স্বদেশত উপস্থিত হোৱা মটিয়াচৰ কেইবাগৰাকীও সতীৰ্থই কভিডত প্ৰাণ হেৰুৱালে নিজ দেশত ৷
১৯৯৭ চনত মটিয়াচৰ মাতৃয়ে তেওঁক দিয়া এখন কিতাপত কাজিৰঙাৰ বিষয়ে অৱগত হোৱা মটিয়াচে প্ৰথমবাৰ আহিয়েই প্ৰেমত পৰিল কাজিৰঙাৰ ৷ কাজিৰঙাৰ গঁড়, হাতী, ম’হ, হৰিণাকে ধৰি প্ৰাকৃতিক পৰিবেশৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণৰ বাবে ধপলিয়াই আহে কাজিৰঙালৈ ৷ তদুপৰি শৰীৰত অংকন কৰাই লৈছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ প্ৰতিচ্ছবি ৷