খেলপথাৰত পুনৰ বিহু নাচিলে ৰিয়ানেঃ মাত্ৰ ৩৫ বলত সংগ্ৰহ কৰিলে ৮১ ৰাণ...

খেলপথাৰত পুনৰ বিহু নাচিলে ৰিয়ানেঃ মাত্ৰ ৩৫ বলত সংগ্ৰহ কৰিলে ৮১ ৰাণ...

author-image
Asomiya Pratidin
New Update
খেলপথাৰত পুনৰ বিহু নাচিলে ৰিয়ানেঃ মাত্ৰ  ৩৫ বলত সংগ্ৰহ কৰিলে ৮১ ৰাণ...

খেলপথাৰত পুনৰ বিহু নাচিলে ৰিয়ানেঃ মাত্ৰ ৩৫ বলত সংগ্ৰহ কৰিলে ৮১ ৰাণ...

ডিজিটেল ডেস্কঃ জজ খেলপথাৰত অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰিমিয়াৰ লীগৰ ফাইনেলখন আজি অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত বাড ক্ৰিকেট ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

Advertisment

উল্লেখ্য যে গুৱাহাটী টাউন ক্লাবৰ উদ্যোত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন বাড ক্ৰিকেট ক্লাব আৰু ৯১ য়াৰ্ড ক্লাবৰ মাজত অনুষ্ঠিত হয়। মেচখনত প্ৰথমে বেটিং কৰি ১৯ অভাৰতে অল আইট হোৱা ৯১ য়াৰ্ড ক্লাৱে কুনাল শইকীয়াৰ অৰ্ধ শতকৰ সহায়ত ১৫৪ ৰাণ সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত বাড ক্ৰিকেট ক্লাৱে ১৪.৩ অভাৰতে ৮ উইকেট হাতত থকাৰ অৱস্থাতেই বিজয় লক্ষ্যত উপনীত হয়। দলটোৰ এই বিজয়ৰ মূলতে আছিল ৰিয়ান পৰাগ।

ৰিয়ানে মাত্ৰ ৩৫ টা বলতে সংগ্ৰহ কৰিলে ৮১ ৰাণ। ৰিয়ানে তেওঁৰ অৰ্ধশতকীয় ইনিংছটো সজালে ২ টা বাউণ্ডেৰী আৰু ১০ টা অভাৰ বাউণ্ডেৰীৰে। ৰিয়ানৰ বেটিং বিক্ৰমত খেল পথাৰৰ বাহিৰত থকা দৰ্শকৰ বাহনৰো ক্ষতি হয়।

তেওঁৰ বেটৰ পৰা যোৱা এটা বলে এজন দৰ্শকৰ বাহনৰ গ্লাছ ভাঙে। ৰিয়ানে খেলপথাৰত মাজে মাজে বিহু নৃত্যুও প্ৰদৰ্শন কৰিলে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটছমেন আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিলে ৰিয়ান পৰাগে

শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰিলে নিপন ডেকাই। একেদৰে শ্ৰেষ্ঠ উইকেট কীপাৰৰ বঁটা লাভ কৰিলে এৰিক ৰয়ে। প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰে বি চি চি আইৰ যুটীয়া সচিব তথা গুৱাহাটী টাউন ক্লাবৰ সম্পাদক দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিপ কোঁৱৰ, পুলক গোস্বামী, পৰীক্ষিত দত্ত আদিয়ে।

Also Read: মিচিং জনগোষ্ঠীৰ ধেমাজি জিলা কেন্দ্ৰীয় আলি আঃয়ে লিঃলেনৰ সামৰণি অনুষ্ঠান...

ৰিয়ান পৰাগ