মিচিং জনগোষ্ঠীৰ ধেমাজি জিলা কেন্দ্ৰীয় আলি আঃয়ে লিঃলেনৰ সামৰণি অনুষ্ঠান...

মিচিং জনগোষ্ঠীৰ ধেমাজি জিলা কেন্দ্ৰীয় আলি আঃয়ে লিঃলেনৰ সামৰণি অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
মিচিং জনগোষ্ঠীৰ ধেমাজি জিলা কেন্দ্ৰীয় আলি আঃয়ে লিঃলেনৰ সামৰণি অনুষ্ঠান...

মিচিং জনগোষ্ঠীৰ ধেমাজি জিলা কেন্দ্ৰীয় আলি আঃয়ে লিঃলেনৰ সামৰণি অনুষ্ঠান...

ডিজিটেল সংবাদ ধেমাজিঃ মিচিং জনগোষ্ঠীৰ আলি আঃয়ে লিঃলেনৰ ধেমাজি জিলাৰ কেন্দ্ৰীয় সামৰণি অনুষ্ঠানটি মঙ্গলবাৰে ধেমাজি কাড়িচুকৰ মুৰংঘৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত TMPKৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ধৰ্মেন্দ্ৰ নৰহৰ নেতৃত্বত পৰিবেশ নিকাকৰণৰ পিছতেই সাংস্কৃতিক প্ৰতিযোগিতা উদ্ধোধন কৰে মিচিং সাংস্কৃতিক সংঘৰ কেন্দ্ৰীয় কোষাধ্যক্ষ হৰিপ্ৰসাদ মিলিয়ে ৷

Advertisment

ধেমাজি বিভিন্ন অঞ্চলৰ পৰা আহি অংশগ্ৰহণ কৰা অনুষ্ঠানত গুমৰাগ নৃত্য ,ঢোল বাদন ,অই-নিঃতম ,মিচিং কবিতা আবৃত্তি ইত্যাদি প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয়৷ সন্ধিয়া ছয় বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ উদ্ধোধন কৰে প্ৰতিমা বৰুৱা পাণ্ডে বঁটাপ্ৰাপক তথা লোক শিল্পী মিগাং একলব্য গ্ৰামে ৷

Also Read: ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ ৩ মহিলা শৰীৰ চৰ্চাবিদৰ পদক লাভ...

আলি আঃয়ে লিঃলেন