গুজৰাট টাইটানছৰ হাতত পৰাস্ত দিল্লী কেপিটেলছ

আজিৰ এই মেচখনত মহম্মদ ছামী আৰু ৰছিদ খানে ৩টাকৈ উইকেট দখল কৰে
গুজৰাট টাইটানছৰ হাতত পৰাস্ত দিল্লী কেপিটেলছ

ডিজিটেল ডেস্কঃ আই পি এল ২০২৩ বৰ্ষৰ ক্ৰমাগত দ্বিতীয়খন মেচত জয়লাভ গুজৰাট টাইটানছৰ। হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন দলটোৱে মঙলবাৰে অনুষ্ঠিত হোৱা মেচখনত ডেভিড ৱাৰ্ণাৰৰ দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰে।

জয়ৰ নায়ক ছাই সুদৰ্শনে দৃঢ়তাপূৰ্ণ বেটিঙেৰে অৰ্ধশতক অৰ্জন কৰে। তেওঁ দললৈ ৪৮ টা বলত ৬২ ৰান কৰি অপৰাজিত হৈ ৰয়। ইয়াৰোপৰি ডেভিড মিলাৰ ৩১ (অপঃ) আৰু বিজয় শংকৰে ২৯ ৰানৰ উল্লেখযোগ্য বৰঙণি যোগায়।

টছত জয়ী হৈ গুজৰাটে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ইনিংছত দিল্লীয়ে বেট ধৰি ৮ উইকেটত ১৬২ ৰান সংগ্ৰহ কৰে। অধিনায়ক ৱাৰ্ণাৰে ৩২টা বলত ৩৭ ৰান সংগ্ৰহ কৰাৰ লগতে ছৰফৰাজ ৩০ আৰু অক্ষৰ পেটেলে ৩৬ ৰান কৰে।

প্ৰত্যুত্তৰত, গুজৰাটে ৬টা উইকেট হেৰুৱাই ১১ টা বল বাকী থকা অৱস্থাতে বিজয় লক্ষ্যত উপনীত হয়। আজিৰ এই মেচখনত মহম্মদ ছামী আৰু ৰছিদ খানে ৩টাকৈ উইকেট দখল কৰে।

গুজৰাট টাইটানছৰ হাতত পৰাস্ত দিল্লী কেপিটেলছ
মহানগৰীৰ জু-ৰোডত আবকাৰী বিভাগৰ অভিযান

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in