উদ্বোধনী মেচত গুজৰাটৰ হাতত পৰাস্ত চেন্নাই চুপাৰ কিংছ

অ'পেনিং বেটাৰ শুভমন গীলে ৬৩ ৰানৰ দৰ্শনীয় ইনিংছ খেলি দলৰ জয়ত অন্যতম ভূমিকা গ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
উদ্বোধনী মেচত গুজৰাটৰ হাতত পৰাস্ত চেন্নাই চুপাৰ কিংছ

ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিঙ ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিঙছৰ উদ্বোধনী মেচ সুখকৰ নহ'ল। নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ আই পি এলৰ প্ৰথমখন মেচতে গুজৰাট টাইটানছৰ হাতত পৰাস্ত হয় ধোনী বাহিনী।

Advertisment

শুকুৰবাৰে অনুষ্ঠিত হোৱা উদ্বোধনী মেচখনত চেন্নাইয়ে টছত হাৰি প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অ'ভাৰত ৭টা উইকেট হেৰুৱাই ১৭৮ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ঋতুৰাজ গাইকোড়ে ৯২ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত বিজয়ৰ লক্ষ্য সন্মুখত লৈ খেলপথাৰত নমা হাৰ্ডিক পাণ্ডিয়া নেতৃত্বধীন গুজৰাটে ৫ উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ অ'পেনিং বেটাৰ শুভমন গীলে ৬৩ ৰানৰ দৰ্শনীয় ইনিংছ খেলি দলৰ জয়ত অন্যতম ভূমিকা গ্ৰহণ কৰে।

Also Read: ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ আৰম্ভ

IPL 2023