ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ আৰম্ভ

ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ আৰম্ভ

সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ ৰাজ্যিক শিশু সমাৰোহখনি আজিৰে পৰা ধেমাজিৰ কাছাৰী ময়দানত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে

ডিজিটেল সংবাদ ,ধেমাজি : ৰাজ্যৰ হাজাৰ হাজাৰ শুভ্রসাজ পৰিহিত শিশুৰ কলৰৱেৰে শিশু মইনাৰ উপস্থিতি আৰু এক শৃংখলিত ৰূপে শুকুৰবাৰে ধেমাজিত এক উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ ৰাজ্যিক শিশু সমাৰোহখনি আজিৰে পৰা ধেমাজিৰ কাছাৰী ময়দানত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷

আয়োজক সমিতিয়ে জনোৱা মতে ৰাজ্যৰ ২৪ খন জিলাৰ ৩৮৩৮গৰাকী শিশু প্ৰতিনিধি আৰু ১৫০০ পৰিচালক আৰু পৰিচালিকা উপস্থিত হৈছে ৷ ১৭ টা শিবিৰত থকা উক্ত মইনা শিশু সকলৰ শৃংখলিত ৰূপে সকলোকে মুগ্ধ কৰি তুলিছে ৷

প্ৰথমদিনা শুকুবাৰে পুৱা ৭-০০ বজাত আদৰণি অনুষ্ঠানৰে আৰম্ভ হয় সমাৰোহৰ প্ৰথম কাৰ্যসূচী ৷ ১০-০০ বজাত, পঞ্জীয়ন, ১১-০০ বজাত, প্ৰতিনিধিৰ মুখ্য শিবিৰ উদ্বোধন কৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন কুমাৰ ভূঞাই ৷

অন্যান্য শিবিৰ উদ্বোধন কৰে ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ দেৱজ্যোতি কছাৰী, ধেমাজিৰ মাদার্চ প্রাইদ স্কুলৰ সঞ্চালক বিজয় দাস ৷ ১১:৪৫ বজাত স্বাস্থ্য শিবিৰ উদ্বোধন তথা স্বাস্থ্য আৰু পৰিবেশ সজাগতামূলক অনুষ্ঠানৰ উদ্বোধন কৰে যুটীয়া স্বাস্থ্য সেবা সঞ্চালক ডা° সৌৰভ কুমাৰ গগৈয়ে ৷

অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোঁহাই, অসম চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ গায়ত্ৰী গগৈ আৰু জেষ্ঠ্য সাংবাদিক উমেশ খাণ্ডেলীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ ১২-৩০ বজাত প্ৰাক্তন মইনাৰ অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱাই ৷

অন্তৰংগ আলাপত ধেমাজি জিলা উপায়ুক্ত পল্লৱী ফুকন , জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক , আদৰণি সমিতিৰ সভাপতি ড° দীপক কুমাৰ নেওগ , কাৰ্যকৰী সভাপতি ঘনকৃষ্ণ বৰগোহাঁই, উপ-সভানেত্ৰী দ্বয় বন্দনা দত্ত হাজৰিকা আৰু পল্লৱী তামুলী কোৱঁৰ , ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন ৰাজ্যিক সদস্য চন্দ্ৰ বৰুৱা, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা ধেমাজি জিলা মইনা পাৰিজাতৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভানেত্ৰী ভাৰতী গগৈ বৰুৱা আৰু ধেমাজি জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি পবিত্ৰ গোহাঁই , ধেমাজি জিলা মইনা পাৰিজাতৰ সভাপতি ৰনজিৎ চিৰিঙে অংশগ্ৰহণ কৰে ।

আবেলি ৪:০০ বজাত আদৰণি আৰু উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে ৷ আদৰণি সমিতিৰ সভাপতি ড° দীপক কুমাৰ নেওগৰ সঞ্চালনাত অনুষ্ঠিত শুভাৰম্ভনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজিৰ বিশিষ্ট সাহিত্যিক উমেশ চেতিয়া ৷

সন্ধিয়া ৬-০০ বজাত সমবেত সংগীত প্রতিযোগিতা উদ্বোধন কৰে তেজপুৰ জিলা মইনা পাৰিজাতৰ মইনা অৱগুণ্ঠিতা কাশ্যপে ৷ সন্ধিয়া ৭-০০ বজাত ম‍ইনাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷

১ এপ্রিল শনিবাৰে পুৱা ৬:০০ বজাত নিজ নিজ শিবিৰত প্ৰাৰ্থনাৰে কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰা হ'ব ৷ ৮-০০ বজাত পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ কৰিব মইনা অদিতি দত্তই ৷ মূল পতাকা উত্তোলক উত্তোলন কৰিব সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ৷ মূল পতাকাৰ সৈতে একেলগে ৬৯ খন পতাকা উত্তোলন কৰিব বিভিন্ন জিলাৰ মইনা পাৰিজাতৰ মইনাসকলে।

অভিবাদন গ্রহণ ধেমাজিৰ উপায়ুক্ত পল্লৱী ফুকনে ৷ ৯-৩০ বজাত মাৰ্চপাষ্ট আৰু ব্যায়াম প্রতিযোগিতা । ১০-০০ বজাত স্মৃতি-তর্পণ মুকলি কৰিব আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ঘনকৃষ্ণ বৰগোঁহাইয়ে ৷

১০-১৫ বজাত বৃক্ষৰোপণ মুকলি কৰিব মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপেন শইকীয়াই ৷ ১০-৩০ বজাত খেল-ধেমালি প্রতিযোগিতাৰ উদ্বোধন কৰিব মইনা তৰংগনা ফুকন, গহপুৰ জিলা মইনা পাৰিজাতৰ মইনা তৰংগনা ফুকনে ৷ ১০-৩০ বজাত সাহিত্য প্রতিযোগিতা (সমান্তৰালভাৱে বিভিন্ন মঞ্চত) আকস্মিক বক্তৃতা প্রতিযোগিতাৰ উদ্বোধন কৰিব ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ মইনা দৃষ্টিনা দিহিঙীয়াই ৷ চিত্রাংকণ প্রতিযোগিতা উদ্বোধন কৰিব গুৱাহাটী জিলা মইনা পাৰিজাতৰ মইনা ছাবিনাৰ পাৰবিনে ৷

প্রশ্নোত্তৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰিব চৰাইদেউ জিলা মইনা পাৰিজাতৰ চেমনীয়া সৃষ্টিশীল বৰগোহাঁইয়ে ৷ আবৃত্তি প্রতিযোগিতা উদ্বোধন কৰিব গোলাঘাট জিলা মইনা পাৰিজাতৰ মইনা নমিষা বৰাই ৷ ১১-০০ বজাত প্ৰদৰ্শনীৰ দ্বাৰা উদ্বোধন কৰিব বোকাখাত জিলা মইনা পাৰিজাতৰ মইনা ভৈৰৱী গগৈয়ে ৷ অনুষ্ঠানত মিছিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৷

বিয়লি ১-০০ বজাত চেমনীয়াৰ তৰ্ক প্ৰতিযোগিতা বিষয় মাধ্যম শিক্ষা গ্ৰহণৰ অন্তৰায় হ'ব নোৱাৰে। উদ্বোধন কৰিব শিৱসাগৰ জিলা মইনা পাৰিজাতৰ চেমনীয়া নম্ৰা বন্ধন দত্তই ৷

আবেলি ২:৩০ বজাত গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা অনুষ্ঠান বিশিষ্ট অতিথি উপস্থিত থাকিব সাহিত্য অকাডেমী বঁটা প্ৰাপক ঔপন্যাসিক-বিশিষ্ট সাহিত্যিক ড° জয়ন্ত মাধৱ বৰা আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ, মৰিল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° কমল গগৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৷

বিয়লি ৩-৩০ বজাৰ পৰা অৱশিষ্ট খেল-ধেমালি আৰু সাহিত্য আদি প্রতিযোগিতা সন্ধিয়া ৬-০০ বজাত প্রাক্তন উপ-সভাপতি অতুল বৰ্তামুলী সোঁৱৰণী মইনাৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব উপসভাপতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱজিৎ দাসে ৷

শিশু সমাৰোহত আজি ৰাজ্যখনৰ ২৪ জিলাৰ পৰা অহা লগা মইনা, চেমনীয়া, প্রাজন মইনা, পৰিচালক পৰিচালিকাৰ তথ্য মতে বোকাখাত জিলাৰ পৰা ১০৫ গৰাকী, শিৱসাগৰ ১৬০, মঙ্গলদৈ ১৩০, চৰাইদেউ ১৮০, ডিব্ৰুগড় ৩৫৬, ওদালগুৰি ৬৩, তিতাবৰ ১১৫, গুৱাহাটী ৪৪, গহপুৰ ৩৭৭, কলিয়াবৰ ৮৫, নামনি লখিমপুৰ ৩০০, উত্তৰ লখিমপুৰ ৩৬৫, নগাঁও ৭৫, মাজুলী ২৬১, তেজপুৰ ১৮২, তিনিচুকীয়া ৭৮, গোলাঘাট ২৫০, যোৰহাট ৪৩, নলবাৰী ৪৩. বিশ্বনাথ ১০০, চিৰাং ২০ আৰু ধেমাজি জিলাৰ ৬০০ গৰাকী শিশু প্রতিনিধিকে ধৰি প্ৰায় চাৰি হাজাৰৰো অধিক শুভ্রসাজ পৰিহিত শিশুৰ কলৰৱেৰে মুখৰিত কৰি তুলিছে ৷

তৃতীয় তথা অন্তিম দিনা পুৱা ৯:৩০ বজাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শ‍ইকীয়াই উদ্বোধন কৰিবলগীয়া বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা আৰু ১:৩০ বজাত সমাৰোহৰ মকলি সভা আৰু সন্ধিয়া ৫ বজাত স্বৰ্গীয় নৰেণ কোঁৱৰ সোঁৱৰণি মইনাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

উল্লেখ্য যে দ্বিতীয় দিনা পতাকা উত্তোলন কাৰ্যসূচীত অসমৰ জলসম্পদ মন্ত্ৰী তথা সদৌ অসম মইনা পাৰিজাতৰ সভাপতি কেশৱ মহন্ত আৰু ধেমাজি জিলাৰ উপায়ুক্তই অভিবাদন গ্রহণ কৰিব। লগতে অস্তিম দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতার্থ গোস্বামীয়ে অংশগ্ৰহণ কৰিব বুলি জনায় ৷

ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ আৰম্ভ
থুলংগাপুৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বডোফাৰ জন্মদিন পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in