এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কেইবাটাও নতুন খেল....

এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কেইবাটাও নতুন খেল....
এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কেইবাটাও নতুন খেল....

ডিজিটেল ডেস্কঃ ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে সাজু হৈছে গোৱা। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত হৈছে মুঠ ৪৩ বিধ খেল। ইয়াৰে ২ বিধ খেল প্ৰদৰ্শনমূলক খেল।

এই ৪৩ বিধ খেলৰ ভিতৰত নতুনকৈ অন্তৰ্ভুক্ত হৈছে কেইবাটাও খেল। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছে কাৰাটেক।

প্ৰকাশিত খবৰ মতে কাৰাটে ফেডাৰেচনৰ বিভাজনৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত হৈছে ৰোলবল, যোগাসন, পেনচাক চিলাট আদি।

আনহাতে লাগৰি আৰু গাটকা খেল দুবিধ প্ৰদৰ্শনীমূলক ভাৱে খেলা হ'ব।

গোৱাত ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত হোৱা বিভিন্ন ইভেণ্টসমূহ হ'ল ক্ৰমে- জলক্ৰীড়া, আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বাস্কেটবল, বিলিয়াৰ্ডছ এণ্ড স্নুকাৰ, বক্সিং, কেনয়িং এণ্ড কায়াকিং, চাইক্লিং, ফুটবল আৰু বীছ ফুটবল, ফেন্সিং, গ'ল্ফ, জিমনাষ্টিকছ, হেণ্ডবল আৰু বীছ হেণ্ডবল হকী, জুডো, কাবাদী, খো খো, লনবল, মডাৰ্ণ পেন্টাথলন, নেটবল, ৰয়িং, ৰাগবী, ছেপাকটাক্ৰ, শ্বুটিং, স্কোৱাছ, টেবুল টেনিছ, টাইকোৱানডো, টেনিছ, ট্ৰাইথলন, ভলীবল, ভাৰোত্তোলন, মল্লযুঁজ, উশ্বু, য়াচটিং, যোগ, মালখাম্ভ, পেনচাক চিলাট, স্কুৱে মাৰ্চিয়েল আৰ্টছ, ৰোলবল, কালিয়াৰাপাটু, লাগৰি ( প্ৰদৰ্শনীমূলক), গাটকা ( প্ৰদৰ্শনীমূলক) ।

এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কেইবাটাও নতুন খেল....
ডি কে শিৱকুমাৰক কংগ্ৰেছ নেতৃত্বই দিব জন্মদিনৰ 'দামী' উপহাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in