ডি কে শিৱকুমাৰক কংগ্ৰেছ নেতৃত্বই দিব জন্মদিনৰ 'দামী' উপহাৰ...

ডি কে শিৱকুমাৰক কংগ্ৰেছ নেতৃত্বই দিব জন্মদিনৰ 'দামী' উপহাৰ...
ডি কে শিৱকুমাৰক কংগ্ৰেছ নেতৃত্বই দিব জন্মদিনৰ 'দামী' উপহাৰ...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ হাইকামাণ্ডে পলমকৈ হ'লেও জন্মদিনৰ উপহাৰ দিব পাৰে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰক ! জন্মদিনৰ উপহাৰ হিচাপে আগবঢ়াব পাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীত্বৰ পদ !

যিসময়ত কৰ্ণাটকত কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হৈছিল, বিধায়ক আৰু আন আন নেতাই দলটোক বিপদত এৰি বিজেপিৰ সৰনাপন্ন হৈছিল, সেই সময়ত ডি কে শিৱকুমাৰে দলটোক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত চলাই আছিল যথেষ্ট প্ৰচেষ্টা। যাৰ পৰিণতিত কংগ্ৰেছে আজি কৰ্ণাটকত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে দলটোৱে নিৰ্বাচনত অভুতপূৰ্ব সফলতা লাভ কৰাৰ পাছত এতিয়া চৰকাৰ গঠনৰ প্ৰচেষ্টা অব্যাহত আছে। তাৰ মাজতে নতুন চৰকাৰখনৰ বিধায়িনী দলৰ নেতা তথা মুখ্যমন্ত্ৰীৰ পদ ডি কে শিৱকুমাৰৰ হাতত অৰ্পণ কৰিব নে পূৰ্বৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ হাতত অৰ্পণ কৰিব সেই বিষয়ে আলোচনা অব্যাহত আছে।

আজি নিশাৰ ভাগত এই বিষয়ে কংগ্ৰেছ হাইকামাণ্ডে ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, আজি ডি কে শিৱকুমাৰৰ জন্মদিন। ৬১ বছৰ বয়সত ভৰি দিলে ডি কে শিৱকুমাৰে।

সেয়ে আজি তেওঁক দললৈ আগবঢ়োৱা অৱদান আৰু তেওঁ কৰা ত্যাগৰ স্বীকৃতি স্বৰূপে মুখ্যমন্ত্ৰীৰ পদ অৰ্পণ কৰা হ’ব পাৰে। আনহাতে পূৰ্বৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াকহে মুখ্যমন্ত্ৰীৰ পদ অৰ্পণ কৰিব বুলিও চৰ্চা চলিছে।

দুয়ো নেতাকে আজি দিল্লীলৈ মাতি পঠিওৱা হৈছে। দিল্লীত দুয়ো নেতাক কাষত লৈ কংগ্ৰেছ শীৰ্ষ নেতৃত্বই কোন হ'ব মুখ্যমন্ত্ৰী সেই কথা ঘোষণা কৰিব। অৱশ্যে ডি কে শিৱকুমাৰক যদি মুখ্যমন্ত্ৰীৰ পদ অৰ্পণ কৰা নহয় তেন্তে ডি কে শিৱকুমাৰ হ'ব পাৰে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী। এতিয়া অপেক্ষা কেৱল আনুষ্ঠানিক ঘোষণালৈ।

ডি কে শিৱকুমাৰক কংগ্ৰেছ নেতৃত্বই দিব জন্মদিনৰ 'দামী' উপহাৰ...
পাকিস্তানত নিষিদ্ধ হ'ব ইমৰান খানৰ দল ! 'কেপ্টেইন'ৰ বিৰুদ্ধে ১২১ টা গোচৰ ৰুজু....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in