/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/dc4da2a3-acca-4fca-b913-50813bc1e842/AP_FOR_WEB_ipl.jpg)
ডিজিটেল ডেস্ক : দুমাহ ধৰি চলা সপ্তদশ আই পি এলৰ অন্ত পৰিল। য'ত আৰম্ভ হৈছিল তাতেই অন্ত পৰিল এই বৰ্ষৰ আই পি এল।
উল্লেখ্য যে চেন্নাইত অনুষ্ঠিত চি এছ কে আৰু আৰ চি বিৰ মেচৰে আৰম্ভ হৈছিল সপ্তদশ আই পি এল সংস্কৰণ। অন্ত পৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰে।
সপ্তদশ আই পি এলত অৱশেষত শেষ হাঁহি মাৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। বেটে-বলে পৰাক্ৰম দেখুৱাই তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে শ্ৰেয়াস আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছে।
চেন্নাইৰ এম এ চিদম্বৰম্ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচত প্ৰতিপক্ষ ছানৰাইজাৰ্ছক সহজে পৰাস্ত কৰি কলকাতাই পিন্ধিলে বিজয় মুকুট। লগতে চেম্পিয়ন দল হিচাপে কলকাতাই লাভ কৰে ২০ কোটি টকা। অৱশ্যে শোচনীয়ভাৱে পৰাস্ত হ'লেও ছানৰাইজাৰ্ছ দলেও লাভ কৰিছে মোটা অংকৰ ধন।
একেদৰে পৰাস্ত হোৱা দলৰ খেলুৱৈসকলেও লাভ কৰিছে মোটা অংকৰ ধন। সবিশেষ তলত উল্লেখ কৰা হ'ল-
- ৰানাৰ্ছ-আপৰ সন্মান হিচাপে ছানৰাইজাৰ্ছ হায়দৰাবাদে লাভ কৰিছে ১৩ কোটি টকা। 
- ইয়াৰোপৰি পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা ৰাজস্থান ৰয়েলছে লাভ কৰিছে ৭কোটি টকা। 
- চতুৰ্থ স্থানৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ৬.৫কোটি টকা। 
- মূল্যৱান খেলুৱৈৰ শিতানত সুনীল নাৰিনলৈ আগবঢ়োৱা হৈছে ১২লাখ টকা। 
- সৰ্বাধিক ৰান সংগ্ৰহ কৰি কমলা টুপীৰ গৰাকী হোৱা বিৰাট কোহলিয়ে লাভ কৰিছে ১৫ লাখ টকাৰ পুৰস্কাৰ। 
- প্ৰতিযোগিতাখনত আৰ চি বিৰ বিৰাট কোহলিয়ে সংগ্ৰহ কৰিছে ৭৪১ ৰান। য'ত আছে এটা শতক আৰু ৫টা অৰ্ধশতক। 
- সৰ্বাধিক উইকেট (২৪)ৰে পাৰ্পল কেপৰ গৰাকী হৰ্ষল পেটেলে পুৰস্কাৰ হিচাপে লাভ কৰিছে ১৫ লাখ টকা। 
- উদীয়মান খেলুৱৈৰ শিতানত নিতীশ কুমাৰ ৰেড্ডীয়ে ২০ লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিছে। 
- পিছট এণ্ড গ্ৰাউণ্ডৰ এৱাৰ্ড লাভ কৰে হায়দৰাবাদ ক্ৰিকেট এছোচিয়েছনে। 
Also Read: ১০বছৰৰ মূৰত তৃতীয়বাৰৰ বাবে আই পি এলৰ ট্ৰফীত বিজয়ৰ চুম্বন কলকাতাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us