১০বছৰৰ মূৰত তৃতীয়বাৰৰ বাবে আই পি এলৰ ট্ৰফীত বিজয়ৰ চুম্বন কলকাতাৰ...

১০বছৰৰ মূৰত তৃতীয়বাৰৰ বাবে আই পি এলৰ ট্ৰফীত বিজয়ৰ চুম্বন কলকাতাৰ...

ডিজিটেল ডেস্কঃ বেটে-বলে পৰাক্ৰম প্ৰদৰ্শন কৰি তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰিলে কলকাতাই। শ্বাহৰুখ খান মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছে অনাসায়ে হায়দৰাবাদক ফাইনেল মেচত পৰাভূত কৰিলে। প্ৰথমে বেটিং কৰি হায়দৰাবাদে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ১১৩ৰাণ।

১৮.৩ অভাৰত আটাইকেইটা উইকেট কলকাতাৰ পৰাক্ৰমী বলাৰৰ হাতত হেৰুৱাই এক প্ৰকাৰৰ দিশহাৰা হৈ পৰে ছানৰাইৰ্জাছ হায়দৰাবাদ। চলিত আই পি এলৰ ছিজনত অতি সুন্দৰ প্ৰদৰ্শন কৰা হায়দৰাবাদৰ এই টাৰ্গেটৰ পিছা কৰি কলকাতাই ১০.৩ অভাৰত ২টা উইকেট হেৰুৱাই সহজতে ফাইনেল মেচখনত বিজয় সাব্যস্ত কৰে।

কলকাতাৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ভেঙ্কটেছ আয়াৰে। তেওঁ সংগ্ৰহ কৰে ২৬টা বলত অপৰাজিত ৫২ৰাণ। ইয়াৰ বিপৰীতে ৰহমানুহল্লাহ গুৰবাজে ৩২টা বলত ৩৯ৰাণৰ বৰঙণি আগবঢ়ায়। ইফালে হায়দৰাবাদৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে অধিনায়ক পেট কামিন্সে। ১৯টা বলত ২৬ৰাণ সংগ্ৰহ কৰে হায়দৰাবাদৰ অধিনায়কগৰাকীয়ে।

ইফালে কলকাতাৰ হৈ দুৰ্দান্ত বলিং কৰে এণ্ডৰে ৰুচেল, ষ্টাৰ্ক আৰু হৰ্ষিত ৰাণাই। ৰুচেলে ৩টা উইকেট, ষ্টাৰ্কে ২টা আৰু ৰাণাই ২টা উইকেট দখল কৰে। কলকাতাই ইয়াৰ পূৰ্বে ২০১২ আৰু ২০১৪ৰ আই পি এল সংস্কৰণত খিতাপ দখল কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, হায়দৰাবাদেও ২০১৬ত দখল কৰিছিল আই পি এলৰ খিতাপ। সেই সময়ত ডেভিদ ৱাৰ্ণাৰ আছিল দলটোৰ অধিনায়ক। ইফালে ১০বছৰৰ মূৰত পুনৰ আই পি এলৰ খিতাপ দখল কৰিলে কলকাতাই।

১০বছৰৰ মূৰত তৃতীয়বাৰৰ বাবে আই পি এলৰ ট্ৰফীত বিজয়ৰ চুম্বন কলকাতাৰ...
আই পি এল-২৪ৰ খিতাপ দখলৰ যুঁজত দুই মহাশক্তিৰ মহাৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in