বৰ্ণ বৈষম্যই জুৰুলা কৰা ফ্ৰান্স আৰু ফিফা বিশ্বকাপ...

বৰ্ণ বৈষম্যই জুৰুলা কৰা ফ্ৰান্স আৰু ফিফা বিশ্বকাপ...

ডিজিটেল ডেস্ক : পশ্চিমীয়া দেশ সমূহত বৰ্ণ বৈষম্যৰ ইতিহাস আও-পুৰণি । কৃষ্ণাংগ বৰ্ণৰ লোক সকলে বহু শতিকাজোৰা অত্যাচাৰ, শোষণ আৰু প্ৰতিবাদৰ মাজেৰে পাইছেহি আজিৰ পৰ্যায় ।

কিন্তু এই একবিংশ শতিকাতো অন্ত হোৱা নাই তেওঁলোকৰ সংগ্ৰামৰ । পশ্চিমীয়া দেশ সমূহত আজিও প্ৰচলিত বৰ্ণ বৈষম্যৰ ধাৰা । কৃষ্ণাংগ লোক সকলে আজিও সন্মুখীন হৈ আহিছে এই সংগ্ৰামৰ । এই ক্ষেত্ৰত ইউৰোপীয়ান দেশ সমূহৰ ভিতৰত অন্যতম হ'ল ফ্ৰান্স ।

সামাজিক ভাৱে ফ্ৰান্সত বৰ্ণ বৈষম্যৰ স্থান নাই বুলি দেশখনৰ নাগৰিক সকলে বাৰম্বাৰ দাবী কৰি আহিলেও যেন সময়ে সময়ে এই সকলো মিছা বুলি প্ৰমাণ হৈ আহিছে । বৰ্ণ আৰু ধৰ্ম বৈষম্যৰ মাজত দিন কটাব লগীয়া হৈছে আফ্ৰিকান মূলৰ ইছলাম ধৰ্মী লোকসকলে । খোজে খোজে অতিক্ৰম কৰিব লগীয়া হৈছে বিভিন্ন বাধাৰ । এই বৰ্ণ বৈষম্যক সকলোতকৈ বেছি সহায় কৰি আহিছে ফ্ৰান্স চৰকাৰেই । দেশখনত চৰকাৰে বাধা আৰোপ কৰিছে খিলঞ্জীয়া আৰু ধৰ্মীয় লোকপিয়ল গণনাত যাৰ বাবে এতিয়াও আনুষ্ঠানিকভাৱে ৮ শতাংশ ফ্ৰান্সৰ লোকে বিশ্বাস কৰে যে এক নিৰ্দিষ্ট বৰ্ণৰ অথবা ধৰ্মৰ লোক সকল স্থান সমাজত অইনতকৈ উচ্চ । কিন্তু এই পৰিসংখ্যা আনুষ্ঠানিক হে, অনা আনুষ্ঠানিক ভাৱে এই সংখ্যা নিশ্চয় ৮ শতাংশতকৈ বেছি ।

কিন্তু বৰ্ণ বৈষম্যই জুৰুলা কৰা এই ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ আকৌ অধিকাংশ খেলুৱৈয়ে কৃষ্ণাংগ বৰ্ণৰ অথবা ইছলাম ধৰ্মী । আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত আৰোহণ কৰাৰ সৈতেই পাহৰি পেলোৱা হয় নেকি এই বিভেদ ? নে সাধাৰণ জনতাৰ বাবে উপযোগ্য নহয় এই সমূহ সুবিধা ?

অন্তিমখন বিশ্বকাপত বিজয় লাভ কৰা ফ্ৰান্স দলটোৰ প্ৰায় ১৫ জনতকৈও অধিক খেলুৱৈ আছিল আফ্ৰিকান মূলৰ । ইয়াৰ ওপৰিও তাৰকা খেলুৱৈ প'ল পগবা আফ্ৰিকান মূলৰ তথা ইছলামধৰ্মী । চলিত বৰ্ষৰ বিশ্বকাপটো ফ্ৰান্স দলৰ মুখ্য গুৰি ধৰোতা খেলুৱৈ কেইজন আফ্ৰিকান মূলৰ ।

অৱশ্যে কেৱল ফ্ৰান্স দলেই নহয় বৰং ইটালীৰ অন্যতম শক্তিশালী খেলুৱৈ বালাটোলীয়েও এই বৰ্ণ বৈষম্যৰ বলি হৈয়ে পাহৰণিৰ গৰ্ভত হেৰুৱাই পেলাইছিল নিজৰ পৰিচয় । এতিয়া প্ৰশ্ন হয়, কিমান দিনলৈ চলি থাকিব দেশ এখনৰ অন্তৰালৰ এনে কাহিনী ? ফুটবল বুলিলেই মনলৈ অহা দক্ষিণ আমেৰিকান আৰু ইউৰোপীয়ান দেশ সমূহৰ এইবোৰ কাহিনী কোনোবা দিনা প্ৰকাশ হ'ব নে বিশ্ববাসীৰ সন্মুখত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in