বিশ্বকাপ অবিহনে স্বদেশত ভৰি নিদিবা, পৰিণাম ভয়াবহ হ'ব...

বিশ্বকাপ অবিহনে স্বদেশত ভৰি নিদিবা, পৰিণাম ভয়াবহ হ'ব...
বিশ্বকাপ অবিহনে স্বদেশত ভৰি নিদিবা, পৰিণাম ভয়াবহ হ'ব...
চলি আছে বিশ্বকাপ। সংঘটিত হৈছে বহু অঘটন। বিশ্বকাপৰ, ফুটবলৰ ইতিহাসত আছে এনে বহু অঘটনৰ কাহিনী। কলম্বিয়াৰ তেনে এক কৰুণ সত্য কাহিনীক লৈয়ে অসমীয়া প্ৰতিদিন কাকতৰ ক্ৰীড়া সাংবাদিক বিদ্যুৎ কলিতাৰ গ্ৰন্থ 'ঈশ্বৰ আমাক ফুটবল দিয়া' গ্ৰন্থৰ সহায়ত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

নিশা তেতিয়া ১০ বাজিছে। মেডলিন চহৰৰ কুখ্যাত নদুৱা ডিস্ক'ৰ ভিতৰত চঞ্চলা যৌৱন। তিনিজন বন্ধু, এগৰাকী বান্ধৱীক লগত লৈ ডিস্ক'লৈ আহিছিল এস্কোবাৰ।  ডিস্ক'ৰ এটা কোণত বহি চাৰিজনে স্থানীয় সুৰাৰে ডিঙি তিয়াই লৈছিলহে মাত্ৰ। কৰ'বাৰ পৰা হঠাৎ তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল দুজন গুণ্ডা।

:হেই আন্দ্ৰে, কি খবৰ? তোমাৰ গ'লটো সচাকৈ সুন্দৰ আছিল। অবিশ্বাস্য গ'ল।

এস্কোবাৰ আৰু তেওঁৰ তিনিও বন্ধুৱে তেওঁলোক দুয়োজনকে এৰাই চলিলে। দুয়োজন গ'লগৈ। ডিস্ক'ত সুৰা পান কৰি থকা চাৰিজনেই ভাবিলে কথা ইমানতেই শেষ। কিন্তু... !

মাজৰাতি চাৰিও বন্ধু ঘৰলৈ বুলি যাবলৈ ডিস্ক'ৰ বাহিৰলৈ ওলাল। এইবাৰ সেই দুজন গুণ্ডাৰ লগতে আন কেইবাজনো ব্যক্তিৰ লগত পুনৰ মুখামুখি হ'ল এস্কোবা আৰু তেওঁৰ তিনি বন্ধু। গুণ্ডাৰ দলটোৱে চাৰিওজনকে আগভেটি ধৰি চিঞঁৰিবলৈ আৰম্ভ কৰিলে--

: আত্মঘাতী গ'ল

: আত্মঘাতী গ'ল।

গুণ্ডাৰ জাকটোৰ চিঞঁৰ ক্ৰমাৎ বৃদ্ধি হৈ আহিল। বহু সময়ধৰি মৌন হৈ থকা এস্কোবা আৰু মৌন হৈ থাকিব নোৱাৰিলে। খঙত এস্কোবাই সিহঁতক উদ্দেশ্যি ক'লে-

: জাৰজৰ সন্তান...

এস্কোবাৰ সেয়াই আছিল অন্তিম দুটা শব্দ। লগে লগে গুণ্ডাৰ জাকটোৰ পৰা কোনোবা এটাই গুলীয়াই থকা-সৰকা কৰিলে এস্কোবাৰ দেহ। এটা এটাকৈ ৬ টা গুলীৰে এস্কোবাৰ দেহ থকা-সৰকা কৰা গুণ্ডাৰ জাকটোৱে প্ৰতিবাৰ বন্দুকৰ ট্ৰিগাৰ টিপাৰ সময়ত চিঞঁৰি চিঞঁৰি এস্কোবাক কৈছিল, আত্মঘাতী গ'লৰ শাস্তি ল' জাৰজৰ সন্তান।

৬ টাকৈ গুলী দেহত লৈ মাটিত ঢলি পৰিল এস্কোবা। কলম্বিয়াৰ জনপ্ৰিয় ফুটবলাৰ আন্দ্ৰেই এস্কোবাৰ লগতে ১৯৯৪ চনৰ ২ জুলাইৰ সেই অভিশপ্ত নিশা মুঠ ৪০ জন ব্যক্তিক হত্যা কৰা হ'ল।

কলম্বিয়া। কলম্বিয়াত মাফিয়া আছে, মৃত্যু আছে, ড্ৰাগছ আছে, অপহৰণ আছে, হত্যা আছে, বেশ্যা আছে, বন্দুক আছে, শংকা আছে..... আছে গ্ৰেবিয়েল গাৰ্চিয়া, মাৰ্কেজৰ দৰে ভুৱন বিখ্যাত ঔপন্যাসিক, ছাকিৰাৰ দৰে পপ ষ্টাৰ। যাৰ সুৰৰ লহৰত নাচি উঠে বিশ্বৰ অগণন অনুৰাগী।

কলম্বিয়াত আৰু আছে ছোফিয়া, হলিউদৰ তাৰকা। ইয়াৰ উপৰিও আছে জেমছ ৰড্ৰিগেজৰ দৰে তাৰকা ফুটবলাৰ। কলম্বিয়াত এতিয়া নাই কেৱল আন্দ্ৰেই এস্কোবাৰ।

১৯৯৪ চনৰ ২ জুলাই, শনিবাৰৰ নিশা সেই ঘটনাৰ আঁৰৰ কাৰণ এটা আত্মঘাতী গ'ল। এটা আত্মঘাতী গ'লৰ বিনিময়ত এস্কোবাই লাভ কৰিলে ৬ টা বুলেট। কাৰণ এস্কোবাৰ এটা আত্মঘাতী গ'লৰ বাবে মাফিয়াৰ জগতখনে জুৱাত হাৰিছিল বহু মিলিয়ন ডলাৰ।

১৯৯৪ চনৰ বিশ্বকাপ যোগ্যতা অৰ্জনকাৰী এখন খেলত কলম্বিয়াই আৰ্জেণ্টিনাক ৫-০ গ'লত পৰাস্ত কৰি চাঞ্চল্য সৃষ্টি কৰিছিল।দলটোৰ এই বিজয়ে কলম্বিয়ানসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছিল।

বহুতেই ভাবিছিল ১৯৯৪ ৰ বিশ্বকাপত কলম্বিয়াই বহু অঘটন ঘটাব। এখোপ আগুৱাই মাফিয়াৰ দলে ভাবিয়েই ল'লে যে কলম্বিয়াই বিশ্বকাপ দখল কৰিব। লগে লগে চলিল বহু মিলিয়ন ডলাৰৰ বাজি। বিশ্বকাপ অভিমুখী দলটোক মাফিয়াৰ পৰা দিয়া হ'ল ভাবুকি।

 'বিশ্বকাপ অবিহনে কলম্বিয়াত ভৰি নিদিবা। পৰিণাম ভয়াবহ হ'ব।' - মাফিয়াৰ এই ভাবুকিয়ে কলম্বিয়াৰ ফুটবলাৰৰ টোপনি কাঢ়িলে। এক অনাকাংক্ষিত ভয়ত অধিক অত্যাধিক চাপ পৰিল।

ফলত গ্ৰুপৰ প্ৰথমখন মেচতে ৰোমানিয়াৰ বিৰুদ্ধে ১-৩ গ'লত পৰাস্ত হ'ল দলটো। দ্বিতীয় মেচ আমেৰিকাৰ বিৰুদ্ধে। যুঁজ দি পৰাস্ত হ'ল কলম্বিয়া। কিন্তু এই মেচখনতে ঘটিল এক বৃহৎ অঘটন।

আন্দ্ৰেই এস্কোবাৰ ভৰিত লাগি এটা আত্মঘাতী গ'ল খালে কলম্বিয়াই। পৰবৰ্তী মেচখনতো ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ২-০ ত পৰাস্ত হ'ল কলম্বিয়া। বিশ্বকাপৰ পৰা বাহিৰ হৈ কলম্বিয়াৰ খেলুৱৈসকলৰ মাজত হাহাকাৰ লাগিল। কেনেকৈ উভতি যাব স্বদেশলৈ? ঘৰলৈ গলেই নিশ্চিত বিপদ।

দলটোৰ গৰিষ্ঠ সংখ্যক সদস্যই সিদ্ধান্ত ল'লে পৰিয়ালৰ সৈতে অৱসৰ সময় পাৰ কৰিব। লাছভেগাছ, ডিজনীলেণ্ডকেই বহু কেইগৰাকীয়ে অৱসৰৰ বাবে উত্তম ঠাই ৰূপে বাচি ল'লে। কিন্তু এই সকলোৰে বিপৰীতে এস্কোবাই থিৰাং কৰিলে উভতি যাব ঘৰলৈ, কলম্বিয়ালৈ।

কথা মতেই উভতি আহিল এস্কোবা। আহিয়েই  সংবাদ মাধ্যমৰ আগত ক'লে-'আমেৰিকাৰ বিশ্বকাপ অতীত হ'ল। মই ১৯৯৮ চনৰ ফ্ৰান্স অলিম্পিকৰ সপোন দেখিছোঁ।'

কালৈকো ভয় নকৰি, সৎ আৰু সাহসীকতাৰে স্বদেশলৈ ঘূৰি আহি সংবাদ মাধ্যমৰ লগত এইদৰে মুখামুখি হৈ স্পষ্টবাদী মনোভাৱ দাঙি ধৰাৰ বাবে সকলোৱে প্ৰশংসা কৰিলে এস্কোবাক। ইয়াৰ মাত্ৰ ৯ টা দিনৰ পিছতেই এস্কোবা চিৰদিনৰ বাবে হৈ পৰিল অতীত।

কলম্বিয়াৰ  ফুটবলৰ ইতিহাস জঘন্য। মাফিয়াৰ কব্জাত অধিকাংশ ক্লাব। সকলোতকৈ বেয়া অৱস্থা ৰেফাৰীসকলৰ। কুকুৰ-মেকুৰীৰ দৰে হত্যা কৰা হয় ৰেফাৰীক। এটা গ'ল নাকচ কৰাৰ বিনিময়ত এই দেশৰ ৰেফাৰীয়ে বুকুত ল'বলগীয়া হৈছে ২০ টা বুলেটৰ উপহাৰ।

অৱশ্যে কলম্বিয়া এতিয়া সলনি হৈছে। সলনি হৈছে কলম্বিয়াৰ পৰিৱেশ, কলম্বিয়াৰ ফুটবল। কলম্বিয়াত মাফিয়া আছিল আৰু এতিয়াও আছে । কিন্তু এতিয়া তাত নাই মাফিয়াৰ ৰাজত্ব আৰু...আৰু নাই কলম্বিয়াত আন্দ্ৰেই এস্কোবাৰ নামৰ সৎ, সাহসী, সুদক্ষ ফুটবলাৰগৰাকী।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in