ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মিলেট খেতিৰ প্ৰশিক্ষণ আৰু সজাগতা সভা

ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মিলেট খেতিৰ প্ৰশিক্ষণ আৰু সজাগতা সভা

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মিলেট খেতিৰ প্ৰশিক্ষণ আৰু সজাগতা সভা

ডিজিটেল সংবাদ,ডিব্ৰুগড় : বৰবৰুৱাৰ খাম্তিঘাত কাছমাৰী দেউৰী গাঁৱৰ প্ৰেক্ষাগৃহত মিলেট খেতিৰ প্ৰশিক্ষণ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা ভাৰতীয় জনতা পাৰ্টী খনিকৰ মণ্ডল কৃষক মৰ্চা সহযোগত শুকুৰবাৰে মিলেট খেতিৰ বিষয়ে প্ৰশিক্ষণ আৰু সজাগতা সভা অনুষ্ঠিত হয়।

Advertisment

এই সজাগতা সভাত কৃষি বিজ্ঞান কেন্দ্ৰ,ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ডঃ দিগন্ত শৰ্মা, কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা, বিষয়বস্তু বিশেষজ্ঞ ডঃ হেমচন্দ্ৰ শইকীয়া,কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় শস্য সুৰক্ষা বিভাগৰ বিষয় বস্তু বিশেষজ্ঞা ডঃ সংঘমিত্ৰা শৰ্মা উপস্থিত থাকি বক্তব্য ৰাখে। ইয়াৰোপৰি বিজেপি কিষাণ মৰ্চা ডিব্ৰুগড় জিলা সমিতিৰ কিৰণ চন্দ্ৰ ভূঞা,দয়ানন্দ গগৈ,ৰাহুল দেৱ সোণোৱাল,ভবেন ভৰালী উপস্থিত থাকে।

মিলেট খেতি বা অন্য ৰবিশস্য খেতিৰ জৰিয়তে কেনেদৰে গ্ৰামঞ্চলৰ লোকসকলৰ স্বাৱলম্বী তথা উন্নয়নমুখী হ'ব পাৰি এই বিষয়ে বিস্তৃত বক্তব্য আগবঢ়াই কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ডঃ দিগন্ত শৰ্মাই। জকাই অঞ্চলৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই এই কৃষি বিষয়ক সজাগতা সভাত অংশগ্ৰহণ কৰে।

Also Read: বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই কোকৰাঝাৰত কংগ্ৰেছৰ দলীয় সভা

Millet Dibrugarh Krishi Vigyan Kendra