'অৰ্জুন বঁটা' প্ৰাপক প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চালিম দুৰানী আৰু নাই...

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ চলিম দুৰানী আৰু নাই। ৮৮ বছৰ বয়সত দেওবাৰে (২ এপ্ৰিল) পুৱা গুজৰাটত শেষ নিশ্বাস ত্যাগ কৰে দুৰানীয়ে।
'অৰ্জুন বঁটা' প্ৰাপক প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চালিম দুৰানী আৰু নাই...

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ চলিম দুৰানী আৰু নাই। ৮৮ বছৰ বয়সত দেওবাৰে (২ এপ্ৰিল) পুৱা গুজৰাটত শেষ নিশ্বাস ত্যাগ কৰে দুৰানীয়ে। কেইবাদিনো ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল দুৰানী। দুৰানীক ভাৰতীয় ক্ৰিকেটৰ 'ৰোমান্টিক হিৰো' বুলি কোৱা হৈছিল। দুৰানী 'অৰ্জুন বঁটা' লাভ কৰা প্ৰথম জন ক্ৰিকেটাৰ আছিল।

দুৰানীৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১১ ডিচেম্বৰত আফগানিস্তানৰ কাবুলত । পৰৱৰ্তী সময়ত তেওঁলোক ভাৰতলৈ গুচি আহিছিল।

তেওঁ এজন লেফ্টহেণ্ড অলৰাউণ্ডাৰ আছিল আৰু ভাৰতৰ হৈ ২৯ খন টেষ্ট খেলিছিল। ১৯৬১-১৯৬২ চনৰ টেষ্ট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা ভাৰতৰ ঐতিহাসিক জয়ত এই ক্ৰিকেটাৰ গৰাকীৰ অৱদান যথেষ্ঠ আছিল।কলকাতা আৰু মাদ্ৰাছৰ বিৰুদ্ধে তেওঁ ১৮ টা উইকেট লৈছিল যাৰ বাবে ভাৰতে শৃংখলাটোত ২-০ ত জয়লাভ কৰিছিল।

তাৰ প্ৰায় ১০ বছৰ পাছত ভাৰতক পুনৰ এক ঐতিহাসিক জয়ত সহায় কৰে তেওঁ। ৱেষ্ট ইণ্ডিডৰ বিৰুদ্ধে হোৱা মেছত ছাৰ গাৰফিল্ড ছোবৰ্ছ আৰু ক্লাইভ লইডক আউট কৰি পোৰ্ট অফ স্পেইনত ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দুৰানীয়ে।

তেওঁ শেষবাৰৰ বাবে ১৯৭৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট খেলিছিল। দুৰানীয়ে ভাৰতৰ হৈ খেলা ২৯ খন টেষ্টত ১২০২ ৰাণ সংগ্ৰহ কৰিছিল আৰু ৭৪ টা ইউকেট লাভ কৰিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ১৭০ খন মেছ খেলি ৮৫৪৫ ৰাণ সংগ্ৰহ কৰিছিল।

খেলৰ উপৰি তেওঁ বলিউডতো প্ৰৱেশ কৰিছিল। প্ৰখ্যাত ক্ৰিকেটাৰজনে ১৯৭৩ চনত অভিনেতা প্ৰবীণ বাবিৰ সৈতে 'চৰিত্ৰ' চলচ্চিত্ৰত অভিনয় কৰিছিল।

ক্ৰিকেটাৰ গৰাকীৰ মৃত্যুত অনুৰাগী সকলৰ মাজত শোকৰ ছা পৰিছে। একাংশই তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰি সমবেদনা জ্ঞাপন কৰিছে।

'অৰ্জুন বঁটা' প্ৰাপক প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চালিম দুৰানী আৰু নাই...
লিডু কয়লাখনি কাণ্ড! কোনে সমাধিষ্ঠ কৰিছিল প্ৰাঞ্জল মৰাণৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in