/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/da9762f5-f9c4-4402-b3ae-e60ac3e9f7e0/liduu.jpg)
ডিজিটেল ডেস্কঃ প্রাঞ্জল মৰাণৰ নিৰুদ্দিষ্ট ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে। লিডুৰ টিৰাপ কলিয়ৰীৰ পৰা আটক দুই কয়লা চোৰক।
আটকাধীন দুই কয়লা চোৰ ৰূপ চাই আৰু বাবু পাহাৰীয়া বুলি জানিব পৰা গৈছে।প্রাঞ্জলৰ মৃতদেহ সমাধিস্থ কৰাত দুয়ো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, প্ৰাঞ্জল মৰাণ নামৰ লোকজন লিডুৰ কয়লা খনিৰ পৰা নিৰুদ্দেশ হৈছিল। প্ৰাঞ্জল মৰাণৰ বাবে ন্যায় বিচাৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সহায় বিচাৰিছিল তেওঁৰ পত্নী উৰ্বশী মৰাণে। তাৰ পাছতে জি পি সিঙৰ নিৰ্দেশত আৰক্ষীয়ে চলাইছিল অভিযান।
পূৰ্বে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল ১৩জন অবৈধ কয়লা চোৰক। এতিয়াও মুকলি আকাশৰ তলত বি গণেশসহ দুই মূল অভিযুক্ত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Also Read: পানবাৰীস্থিত শীতলীকৰণ ভঁৰালক লৈ সন্তুষ্ট নহয় বোকাখতীয়া কৃষক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us