ৰোহিত শৰ্মাৰ সমৰ্থনত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী

চৰ্চিত হৈছে হাৰ্ডিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ আৰু কে এল ৰাহুলৰ নাম

author-image
Asomiya Pratidin
New Update
ৰোহিত শৰ্মাৰ সমৰ্থনত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী

ডিজিটেল ডেস্ক : সন্মুখত টি-২০ আন্তৰ্জাতিক বিশ্বকাপ। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰিব ২০২৪ বৰ্ষৰ টি-২০ বিশ্বকাপ। অনুৰাগীৰ সমান্তৰালকৈ এই বিশ্বকাপক লৈ জল্পনা-কল্পনা বাঢ়িছে খেলুৱৈসকলৰ।

Advertisment

ইতিমধ্যে অংশগ্ৰহণ কৰিব লগা প্ৰায়সমূহ দেশৰ ক্ৰিকেট ব'ৰ্ডে আয়োজন কৰিছে টি-২০ শৃংখলাৰ। লক্ষ্য একেটাই জয়ী হ'ব লাগে টি-২০ বিশ্বকাপ। পিছে এনে পৰিৱেশৰ মাজতে ভাৰতৰ অধিনায়ক পদ প্ৰসংগই ক্ৰিকেট মহলত চৰ্চা লাভ কৰিছে।

টি-২০ বিশ্বকাপত কোনে দিব ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব ? ই যে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ৰোহিত শৰ্মাৰ বিকল্প হিচাপে চৰ্চিত হৈছে হাৰ্ডিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ আৰু কে এল ৰাহুলৰ নাম। কেৱল ইমানেই নহয় ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে খেলিব নে নাই তাক লৈও চৰ্চা হৈছে।

পিছে এনেবোৰ চৰ্চাৰ মাজতে ৰোহিত শৰ্মাৰ সমৰ্থনত থিয় দিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলী। গাংগুলীয়ে কয় যে, আগন্তুক বিশ্বকাপত ৰোহিতেই তেওঁৰ প্ৰথম পচণ্ডৰ অধিনায়ক। ৰোহিতে শৰ্মাৰ হাততে থাকক দলৰ নেতৃত্ব।

ইতিমধ্যে ৰোহিত শৰ্মাই ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত দ্বিতীয় টেষ্টৰ অন্তত সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিছে। তেওঁৰ নেতৃত্বতে দ্বিতীয় শাৰীৰ ক্ৰিকেটাৰসকলক লগত লৈ দ্বিতীয়খন টেষ্টত বিশাল ব্যৱধানত জয়লাভ কৰিছে।

আনহাতে ৰোহিতৰ এই উত্থানৰ পিছত অধিনায়কগৰাকীৰ পক্ষত থিয় দিছে বি চি চি আইৰ সচিব জয় শ্বাহ। শ্বাহৰো পচণ্ড ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপ খেলাৰ উপৰি দলক নেতৃত্ব দিব পাৰিব বুলি ইংগিত প্ৰদান কৰে।

Also Read: অগ্ৰগতি লৈও ব্যৰ্থ ! মোহনবাগানৰ বিৰুদ্ধে পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড

rohit sharma sourav ganguly WorldCup2024 cricket