অগ্ৰগতি লৈও ব্যৰ্থ ! মোহনবাগানৰ বিৰুদ্ধে পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড

৬মিনিটত পেনাল্টিৰ সহায়ত জুৰিচে নৰ্থ-ইষ্টক অগ্ৰগতি দিলেও বিৰতিৰ আগেয়ে কোলাচো আৰু কামিন্স গ'লেৰে মোহনবাগানে অগ্ৰগতি লয়
অগ্ৰগতি লৈও ব্যৰ্থ ! মোহনবাগানৰ বিৰুদ্ধে পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড

ডিজিটেল ডেস্ক : শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ মেচত পৰাস্ত হৈছে নৰ্থ-ইষ্ট ইউনাইটেড। মোহনবাগানৰ বিৰুদ্ধে খেলা মেচখনত ৬ মিনিটতে অগ্ৰগতি লৈও দলটোৱে পৰাজবৰণ কৰিব লগা হয়।

উক্ত মেচখনত মোহনবাগানৰ বিৰুদ্ধে নৰ্থ-ইষ্টে ২-৪ গ'লৰ ব্যৱধানত পৰাস্ত হয়। ৬মিনিটত পেনাল্টিৰ সহায়ত জুৰিচে নৰ্থ-ইষ্টক অগ্ৰগতি দিলেও বিৰতিৰ আগেয়ে কোলাচো আৰু কামিন্স গ'লেৰে মোহনবাগানে অগ্ৰগতি লয়।

আনহাতে ৫০ মিনিটত পুনৰ জুৰিচৰ গ'লেৰে নৰ্থ-ইষ্টে ব্যৱধান হ্ৰাস কৰে। কিন্তু এই গ'লৰ পাছত যেন পুনৰ গ'ল দিবলৈ ব্যৰ্থ হয় নৰ্থ-ইষ্টৰ খেলুৱৈ। ইয়াৰ সুযোগ গ্ৰহণ কৰি মোহনবাগানৰ পেট্ৰাছে ৫৩ আৰু ছামাদে ৫৭ মিনিটত পুনৰ দুটা গ'ল দি দলৰ জয় নিশ্চিত কৰে।

অগ্ৰগতি লৈও ব্যৰ্থ ! মোহনবাগানৰ বিৰুদ্ধে পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড
মাজবাট আৰক্ষীৰ অভিযানঃ ১৭৬ কেজি ভাং জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in