ফুটবল বিশ্বকাপ ২৬ : যোগ্যতা নিৰ্ণায়ক ভাৰতীয় দলত উত্তৰ-পূবৰে ১২গৰাকী খেলুৱৈ

২৬জনীয়া শিবিৰটিত প্ৰশিক্ষণ গ্ৰহণ কৰিব অসম তথা উত্তৰ-পূূবৰ ১২গৰাকী প্ৰতিভাৱান ফুটবলাৰে
ফুটবল বিশ্বকাপ ২৬ : যোগ্যতা নিৰ্ণায়ক ভাৰতীয় দলত উত্তৰ-পূবৰে ১২গৰাকী খেলুৱৈ

ডিজিটেল ডেস্ক : ২০২৬ৰ ফিফা বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় দুবছৰ পূৰ্বৰে পৰা বিশ্বৰ ভিন্ন প্ৰান্তত চলি আছে যোগ্যতা নিৰ্ণায়ক মেচ। বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনত যোগ্যতা অৰ্জনৰ বাবে বিশ্বৰৰ আন আন দেশৰ লগতে ভাৰতীয় ফুটবল দলেও অৱতীৰ্ণ হ'ব।

চলিত বৰ্ষৰ অহা ৬জুনত বিশ্বকাপ যোগ্যতা নিৰ্ণায়ক মেচত কুৱেটৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰতীয় ফুটবল দল। ইয়াৰ পাছতে দলটো অৱতীৰ্ণ হ'ব লাগিব কাটাৰৰ বিৰুদ্ধে। এই মেচখন অনুষ্ঠিত হ'ব ১১ জুনত।

এই মেচসমূহত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ নেতৃত্বত এক প্ৰস্তুতি শিবিৰৰ আয়োজন কৰা হৈছে। এই প্ৰস্তুতি শিবিৰটিত যোগ দিছে মুঠ ২৬গৰাকী খেলুৱৈয়ে।

মনকৰিবলগীয়া যে ২৬জনীয়া শিবিৰটিত প্ৰশিক্ষণ গ্ৰহণ কৰিব অসম তথা উত্তৰ-পূূবৰ ১২গৰাকী প্ৰতিভাৱান ফুটবলাৰে। অসমৰ পাৰ্থিৱ সুন্দৰ গগৈকে ধৰি মিজোৰামৰ ৪গৰাকী আৰু মণিপুৰৰ ৭গৰাকী খেলুৱৈয়ে শিবিৰটিত যোগ দিয়াৰ কথা জানিব পৰা গৈছে।

প্ৰশিক্ষক ইষ্টন ষ্টিমাকে প্ৰকাশ কৰা তালিকা অনুসৰি নিৰ্বাচিত খেলুৱৈসকল হ'ল-

গোলৰক্ষকঃ অমৰিন্দৰ সিং, গুৰপ্ৰীত সিং সান্ধু।ডিফেণ্ডাৰঃ অমেগণেশ ৰাণাৱাদে, জয় গুপ্তা, লালচুংনুঙ্গা (মিজোৰাম), মুহাম্মাদ হাম্মাদ, নৰেন্দ্ৰ, নিখিল পূজাৰী, ৰোশন সিং নাওৰেম (মণিপুৰ)।

মিডফিল্ডাৰঃ ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ, এডমাণ্ড লালৰিন্দিকা (মিজোৰাম), ইমৰান খান (মণিপুৰ), ইচাক ভানলালৰুয়াটফেলা (মিজোৰাম), জেকচন সিং থৌনাওজাম (মণিপুৰ), মহেশ সিং নাওৰেম (মণিপুৰ), মহম্মদ য়াছিৰ (মণিপুৰ), নন্ধকুমাৰ চেকাৰ, ৰাহুল কান্নোলি প্ৰবীণ, সুৰেশ সিং ৱাংজাম (মণিপুৰ), বিবিন মোহনন।

ফৰৱাৰ্ডঃ ডেভিদ লালহলানচাংগা (মণিপুৰ), জিথিন মাদাথিল সুব্ৰন, জেৰী লালৰিনজুয়ালা (মিজোৰাম), পাৰ্থিব সুন্দৰ গগৈ (অসম), ৰহিম আলী, সুনীল ছেত্ৰী।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১০ মে'ত উৰিষ্যাৰ ভূবনেশ্বৰ আৰম্ভ হ'ব প্ৰস্তুতি মেচ। ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতে যোগ্যতা অৰ্জন প্ৰতিযোগিতাত ভাগ ল'ব।

ফুটবল বিশ্বকাপ ২৬ : যোগ্যতা নিৰ্ণায়ক ভাৰতীয় দলত উত্তৰ-পূবৰে ১২গৰাকী খেলুৱৈ
গৃহচহৰত আৰ চি বিৰ দপদপনি : বাংগালুৰুৰ বিধ্বংসী বলিঙত দিশহাৰা গুজৰাট টাইটানছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in