গুৱাহাটীত আফগানিস্তানৰ হাতত পৰাস্ত ভাৰত

সুনীল ছেত্ৰীৰ গ'লে ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত আফগানিস্তানৰ হাতত পৰাস্ত ভাৰত

ডিজিটেল ডেস্ক : অধিনায়ক সুনীল ছেত্ৰীৰ গ'লে ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক।গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক মেচত আফগানিস্তানৰ বিৰুদ্ধে ১-২ গ'লত ভাৰত পৰাজিত হয়।

Advertisment

মেচখনত সুনীল ছেত্ৰীয়ে তেওঁৰ ১৫০ সংখ্যক আন্তৰ্জাতিক খেলত পেনাল্টি অৰ্জন কৰি প্ৰথমাৰ্ধত ভাৰতক আগুৱাই নিছিল যদিও অৱশেষত ভাৰতক জয়ৰ সোৱাদ দিব নোৱাৰিলে। মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এই মেচখনত ভাৰতীয় দলটো আফগানিস্তানৰ হাতত ১-২ গ'লত পৰাজিত হোৱাৰ পাছতে একাংশৰ মাজত চৰ্চিত হৈছে। জনতাৰ সমৰ্থন সত্বেও, ভাৰতীয় দলৰ এই পৰাজয় অতি লজ্জাজনক হিচাপে বিবেচিত হৈছে।

ইফালে মেচখনৰ আগেয়ে ভাৰতৰ প্ৰশিক্ষক ইগৰ ষ্টিমাকে কৈছিল যে, যদি ভাৰত পৰাজিত হয় তেন্তে তেওঁ চাকৰি এৰি দিব। এতিয়া প্ৰশ্ন হ'ল, প্ৰশিক্ষকগৰাকীয়ে সঁচাকৈয়ে ভাৰতীয় ফুটবলৰ প্ৰশিক্ষকৰ পদ ত্যাগ কৰিব নেকি এই বিষয়েও একাংশৰ মাজত চৰ্চা হৈছে।

Also Read: ধিং-নগাঁও গড়কাপ্তানি পথৰ ৰাইডঙীয়াত ভয়াৱহ দুৰ্ঘটনা

Indira Gandhi Athletic Stadium Guwahati India vs Afghanistan FIFA World Cup 2026 qualifiers sunil chhetri FIFA World Cup 2026 FIFA