মাতৃ-পত্নীয়ো নহয়, মেছীক সাৱতি লুছাইল ষ্টেডিয়ামত কোন এইগৰাকী মহিলা?

কাটাৰৰ লুছাইল ষ্টেডিয়ামত ৰবিবাৰে অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেলত বিজয় ধ্বজা উৰুৱালে আৰ্জেন্টিনাই

author-image
Asomiya Pratidin
New Update
মাতৃ-পত্নীয়ো নহয়, মেছীক সাৱতি লুছাইল ষ্টেডিয়ামত কোন এইগৰাকী মহিলা?

ডিজিটেল ডেস্ক : কাটাৰৰ লুছাইল ষ্টেডিয়ামত ৰবিবাৰে অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেলত বিজয় ধ্বজা উৰুৱালে আৰ্জেন্টিনাই।খেলখনত আৰ্জেন্টিনা জ়য়ী হোৱাৰ সময়ত দেখা গ’ল এক অভিনৱ দৃশ্য।ষ্টেডিয়ামত লিয়নেল মেছীৰ হাজাৰ হাজাৰ অনুৰাগীৰ লগতে এগৰাকী বিশেষ মহিলাই আহি সাৱতি ধৰিলে ফুটবলৰ সম্ৰাট গৰাকীক। সকলোৰে দৃষ্টি নিবদ্ধ হ’ল মহিলাগৰাকীৰ ওপৰত।মহিলাগৰাকীয়ে মেছীক কাণে কাণে কিবা কোৱাও দেখা গ’ল।দৰ্শকৰ আসনত বহি থকা প্ৰায় সকলোৱে ভাবিছিলে সেই গৰাকী নিশ্চয় মেছীৰ মাতৃ, হয়তু পৰিয়ালৰ কোনো সদস্য। বহুতৰে মনত এটাই প্ৰশ্ন কোন হয় সেই গৰাকী?

Advertisment

ফাইনেল খেলখনৰ দুদিনৰ পিছত অৱশ্যে সেই মহিলাগৰাকীৰ পৰিচয় পোহৰলৈ আহে। সেই বিশেষ মহিলাগৰাকী হ’ল আৰ্জেন্টিনাৰ ফুটবল দলটোৰ এগৰাকী ৰান্ধনী। মহিলাগৰাকীৰ নাম এন্ট’নিয়া ফাৰিয়াছ।মেছিৰ দলটো জয়ী হোৱাৰ পিছতেই আৰ্জিন্টিনাৰ জাৰ্ছি পিন্ধা মহিলাগৰাকী ষ্টেডিয়ামলৈ নামি আহি অভিবাদন জনাইছিল খেলুৱৈগৰাকীক।মেছীয়েও মহিলাগৰাকীক সাৱতি ধৰা দেখা গৈছিল। ৰাছিয়া বিশ্বকাপৰ সময়ত এন্ট’নিয়া ফাৰিয়াছ দলটোত ৰান্ধনী হিচাপে নিযুক্ত হৈছিল।

আৰ্জেন্টিনাৰ এক সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ মতে, এন্ট’নিয়া ফাৰিয়াছ দলটোৰ খেলুৱৈসকলৰ মাজত বিশেষ জনপ্ৰিয়।ৰান্ধনী হিচাপেই নহয় এগৰাকী স্ফূৰ্তিবাজ মহিলা হিচাপেও খেলুৱৈসকলৰ প্ৰিয় এন্ট’নিয়া।জানিব পৰা মতে, ৰাছিয়া বিশ্বকাপ চলি থকাৰ সময়ত  এন্ট’নিয়া ফাৰিয়াছৰ জন্মদিনৰ দিনা মেছীয়ে কেক কাটি জন্মদিন উদযাপন কৰিছিল।

আৰু পঢ়কঃ সৰ্বাধিক লাভ উপাৰ্জন কৰা ভাৰতীয় ছবি

fifa world cup 2022