/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a745fd3e-6aa9-425c-baf6-e29ff211b175/AP_FOR_WEB_FILMS.jpg)
ডিজিটেল ডেস্ক: চলিত বৰ্ষত বক্স অফিচত বহু ছবি মুক্তি দিয়া হৈছিল যদিও ইয়াৰে অধিকাংশই দৰ্শকৰ মন জয় কৰাত সফল নহ’ল। কিন্তু আন একাংশ ছবিয়ে আকৌ অনুমানতকৈ বহু বেছি সফলতা লাভ কৰিবলৈ সক্ষম হল। এই ক্ষেত্ৰত আগত আছে দক্ষিণৰ ভাৰতৰ ছবি।এই বছৰটোত সৰ্বাধিক লাভ উপাৰ্জন কৰা ভাৰতীয় ছবিকেইখন হৈছে-
কান্তাৰা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7fdffe46-0249-451d-b346-1bc92eed922a/KANTARA.webp)
এই বছৰটোত সৰ্বাধিক লাভ অৰ্জন কৰা ছবিখন হৈছে 'কান্তাৰা'। এই কানাড়া ছবিখন পৰিচালনা কৰিছে ঋষভ ছেট্টীয়ে আৰু তেওঁয়েই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।প্ৰায় ১৬ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে বক্স অফিচত বিশ্বজুৰি প্ৰায় ৪০৩ কোটি টকা উপাৰ্জন কৰিছে।যদি ছবিখনৰ ব্যয় উলিওৱা হয়, ইয়াৰ লাভ প্ৰায় ৩৮৭ কোটি টকা।
দ্য কাশ্মীৰ ফাইলছ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3b0456a4-ad3c-422c-a736-c93080a0aa02/KASHMIR_FILES.webp)
বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’য়ে বিশ্বজুৰি প্ৰায় ৩৪১ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ছবিখন নিৰ্মাণত ব্যয় হৈছে ২০ কোটি টকা। সেই অনুসৰি, ছবিখনৰ লাভ আছিল প্ৰায় ৩২১ কোটি টকা।
কেজিএফ চেপ্টাৰ ২
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1c2fbf74-724d-415f-a784-8605aaf22da0/KGF.webp)
যশ অভিনীত কানাড়া ছবি 'কেজিএফ চেপ্টাৰ ২'ৰ বক্স অফিচত মুঠ সংগ্ৰহ আছিল প্ৰায় ১২৫০ কোটি টকা। আনহাতে, এই ছবিখনৰ ব্যয় প্ৰায় ১০০ কোটি।সেই অনুসৰি, প্ৰশান্ত নীলৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ লাভ প্ৰায় ১১৫০ কোটি।
কাৰ্তিকেয়া ২
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/75937544-91ec-4417-9d97-6ea239f7e55f/KARTIKE_2.webp)
তেলেগু ছবি কাৰ্তিকেয়া ২ দৰ্শকৰ মাজত বেছ জনপ্ৰিয় হৈছিল। চান্দু মণ্ডেন্তীৰ দ্বাৰা পৰিচালিত তথা নিখিল সিদ্ধাৰ্থ অভিনীত এই ছবিখন প্ৰায় ১৫ কোটি টকাত নিৰ্মাণ কৰা হৈছিল আৰু বক্স অফিচত ইয়াৰ মুঠ সংগ্ৰহ আছিল প্ৰায় ১১৮ কোটি টকা।
৭৭৭ চাৰ্লি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5700e321-9c28-4e3b-b53e-0ce30c76a993/777_CHARLEI.webp)
কানাড়া চলচ্চিত্ৰ '৭৭৭ চাৰ্লি' হৈছে সৰ্বাধিক উপাৰ্জন কৰা ছবিবোৰৰ ভিতৰত এখন অন্যতম ছবি। ৰক্ষিত চেট্টী অভিনীত ছবিখন প্ৰায় ১৫ কোটি টকাত নিৰ্মাণ কৰা হৈছিল আৰু ছবিখনে বিশ্বজুৰি ১০৮ কোটিতকৈও অধিক উপাৰ্জন কৰিছিল। অৰ্থাৎ, কিৰণৰাজ কেৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ লাভ প্ৰায় ৯৩ কোটি টকা।
দৃশ্যম ২
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f40b0a8a-4014-4cc9-a85e-51ac71d6c3ba/DISYAM.webp)
অজয় দেৱাগন অভিনীত 'দৃশ্যম ২'য়ে প্ৰায় ২২২ কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। অভিষেক পাঠকৰ দ্বাৰা পৰিচালিত এই ছবিখন প্ৰায় ৫০ কোটি টকাত নিৰ্মাণ কৰা হৈছিল। আনহাতে বিশ্বজুৰি ছবিখনে প্ৰায় ২৭২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
ডন
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9ff25a20-1f32-4d0c-9c01-d154cf3be0d4/DON.webp)
মিলৰ ছবি 'ডন'য়ে বিশ্বব্যাপী বক্স অফিচত প্ৰায় ৩৫৬ শতাংশ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। চি বি চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত আৰু শিৱ কাৰ্তিকেয়ান অভিনীত এই ছবিখন প্ৰায় ২৫ কোটি টকাত নিৰ্মাণ কৰা হৈছিল, আনহাতে ই বক্স অফিচত প্ৰায় ১১৪ কোটি টকা উপাৰ্জন কৰিছিল।ছবিখনৰ লাভ প্ৰায় ৮৯ কোটি।
বিক্ৰম
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a223f9e1-8645-48c2-9a19-fae7ab0e2eb8/BIKRAM.webp)
কমল হাছান অভিনীত তামিল চলচ্চিত্ৰ 'বিক্ৰম' ১২০ কোটি টকাত নিৰ্মাণ কৰা হৈছিল। আনহাতে বিশ্বজুৰি ছবিখনে ৪৪৬ কোটি টকাতকৈও অধিক উপাৰ্জন কৰিবলৈ সক্ষম হয়। ছবিখনৰ লাভ ৩২৬ কোটি টকা।
ভুল ভুলেইয়া ২
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c3bc41f4-3401-4cd3-839f-476025f80d5a/BHOL_BHULEYA.webp)
কাৰ্তিক আৰ্যন অভিনীত 'ভুল ভুলেইয়া ২'য়ে বছৰটোত বিশ্বজুৰি প্ৰায় ২৬৬ কোটি টকা উপাৰ্জন আনিছ বাজমিৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ ব্যয় আছিল প্ৰায় ৮০ কোটি টকা।ছবিখনৰ লাভ প্ৰায় ১৮৬ কোটি টকা।
Also Read: ২১ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিল ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ
সীতা ৰমম
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3f0377a1-d252-42de-8791-adfff6611b74/SITA_RAMAM.webp)
তেলেগু ছবি 'সীতা ৰামম'য়েও বিশ্বজুৰি প্ৰায় ৯৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। হনু ৰাঘৱপুদিৰ দ্বাৰা পৰিচালিত এই ছবিখন প্ৰায় ৩০ কোটি টকাত নিৰ্মাণ কৰা হৈছিল। ছবিখন ৬৬ কোটি টকাৰ লাভত আছে।