ঐতিহাসিক কেম্প নৌত নেখেলে বাৰ্চিলোনাই

ঐতিহাসিক কেম্প নৌত নেখেলে বাৰ্চিলোনাই

ডিজিটেল ডেস্ক : কেম্প নৌ । ইউৰোপৰ সৰ্ববৃহৎ আৰু বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ফুটবল ষ্টেডিয়াম । প্ৰায় ১ লাখ লোকে খেল চাব পৰা ব্যৱস্থা থকা ষ্টেডিয়ামখন ফুটবল ক্লাব বাৰ্চিলোনাৰ মক্কাস্বৰূপ । ১৯৫৭ চনৰ পৰাই গৃহখেলপথাৰ ৰূপে ব্যৱহাৰ কৰি অহা কেম্প নৌ সাক্ষী বাৰ্চিলোনাৰ সকলো তিতা-মিঠা অভিজ্ঞতাৰ । এই খেলপথাৰতেই বহু ৰণ জিকিছে, বহু হাৰিছে দলটোৱে । কেতিয়াবা দৰ্শকে আনন্দত সকলো পাহৰি পেলাইছে, কেতিয়াবা চকুপানীৰে বাট নেদেখা হৈছে । কিন্তু ষ্টেডিয়ামখনে নীৰৱে সকলো বস্তুৰে সাক্ষী হৈ ৰৈছে । কিন্তু সেই কেম্প নৌতেই অন্তিমখন মেচ খেলাৰ দিশে বাৰ্চিলোনা ।

২০২২-২৩ বৰ্ষৰ ফুটবল ছীজন শেষ হোৱাৰ দিশে । আঘুলিৰ মূৰত গণিব পৰা মেচ বাকী আছে দলসমূহৰ । বাৰ্চিলোনাৰো তেনেদৰেই দুখনমান মেচ আছে যদিও ইতিমধ্যে প্ৰথম লেগৰ প্ৰায়খিনি মেচেই কেম্প নৌত অনুষ্ঠিত কৰি আজৰি । কেৱল ২৮ মে'তহে গৃহভূমিত অন্তিমখন মেচ খেলিব বাৰ্চিলোনাই । তাৰ পাছতেই কেম্প নৌ ত্যাগ দলটিৰ । ইতিমধ্যে দলীয় কৰ্তৃপক্ষই ষ্টেডিয়ামখনক বিদায় জনোৱাৰ পৰ্ব সম্পূৰ্ণ কৰিছে । ২৮ মে'ৰ মেচখনেই অন্তিম মেচ বাৰ্চিলোনাৰ বহু যাত্ৰাৰ সংগী মিডফিল্ডাৰ বুষ্কেটৰ বাবেও । যিদৰে কেম্প নৌ বাৰ্চিলোনাৰ এক দীঘলীয়া যাত্ৰাৰ সংগী, একেদৰেই বুষ্কেটো এক দীঘলীয়া পৰিক্ৰমাৰ সাক্ষী ।

এই দুয়োটা সম্পদকেই একে দিনাই বিদায় জনাব বাৰ্চিলোনাই ।

অৱশ্যে বাৰ্চিলোনাই কেম্প নৌ পৰিত্যাগ কৰিব এটা ফুটবল ছীজনৰ বাবেহে । ২০২৩-২৪ ফুটবল বৰ্ষটোৰ পাছত আকৌ উভতি আহিব কেম্প নৌলৈ । অৱশ্যে তেতিয়া নাথাকিব বৰ্তমানৰ দৰে ব্যৱস্থা । সম্পূৰ্ণৰূপে নতুন কৰি তোলা হ'ব ষ্টেডিয়ামখনক । যি বাৰ্চিলোনাৰ এক নতুন প্ৰকল্পৰ আধাৰ ৰূপে দেখা দিব সম্পূৰ্ণ এটা বছৰতকৈও অধিক কাল পিছত । সম্ভৱত ২০২৫ বৰ্ষৰ জানুৱাৰীত হে উভতি আহিব দলটি কেম্প নৌলৈ । তেতিয়ালৈ থকা হেজাৰ বিজাৰ আৱেগৰ সাক্ষী কেম্প নৌ সলনি হৈ নতুন ৰূপ ল'ব ।

ঐতিহাসিক কেম্প নৌত নেখেলে বাৰ্চিলোনাই
শিৱসাগৰত জুৱা খেলৰ সংঘাতত আহত বিজেপি নেতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in