নাই বিশ্বকাপত : ব্যৰ্থ প্ৰাক্তন বিশ্ব চেম্পিয়ন

বিশ্বৰ আগশাৰীৰ ক্ৰিকেটাৰৰ ভিতৰত ক্ৰিছ গেইল,ব্ৰায়াল লাৰা,শিৱনাৰায়ণ চন্দ্ৰপল,ডাৰেণ ছামী,প'লাৰ্ড আদি মুখত ফুটি উঠা নাম

author-image
Asomiya Pratidin
New Update
নাই বিশ্বকাপত : ব্যৰ্থ প্ৰাক্তন বিশ্ব চেম্পিয়ন

ডিজিটেল ডেস্ক : এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সূচনা হৈছিল ১৯৭৫ চনত। অভিষেক বৰ্ষতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চেম্পিয়ন হৈছিল ৱেষ্ট ইণ্ডিজ। পিচৰ সংস্কৰণ ১৯৭৯ চনত ইংলেণ্ডক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিশ্ব জয়ৰ মুকুট পৰিধান কৰিছিল ৱেষ্ট ইণ্ডিজে।

Advertisment

বহু উত্থান-পতনৰ মাজেৰে বিশ্ব ক্ৰিকেটত নিজৰ স্থান সুৰক্ষিত কৰি ৰাখিছিল দলটোৱে। এনেবোৰ উত্থান-পতনৰ মাজতে টি-২০ সংস্কৰণৰ ২০১২ আৰু ২০১৬ বৰ্ষৰ বিশ্বকাপ জয়ৰ সোৱাদ পাইছিল ৱেষ্ট ইণ্ডিজে। এতিয়া যেন সকলো ইতিহাস।

সময়ে লগ নিদিলে ২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপত প্ৰতিদ্বন্বিতা কৰাৰ বাবে। কালৰ সোঁত দলটোৰ অৱস্থা যোগ্যতা নিৰ্ণায়ক মেচ খেলিব লগা পৰ্যায়লৈ অৱনমিত হ'বলগীয়া হ'ল। ক্ৰিকেটৰ ব্যাকৰণত আবেগৰ স্থানেই বা ক'ত !

যি খেল অনিশ্চিয়তাৰে ভৰা। ইতিহাস ৰোমন্থনৰে বিশ্ব ক্ৰিকেটত স্থান দখল কৰা মুখৰ কথা নহয়। বিশ্বৰ আগশাৰীৰ ক্ৰিকেটাৰৰ ভিতৰত ক্ৰিছ গেইল,ব্ৰায়াল লাৰা,শিৱনাৰায়ণ চন্দ্ৰপল,ডাৰেণ ছামী,প'লাৰ্ড আদি মুখত ফুটি উঠা নাম।

বিশ্ব ক্ৰিকেটত তেওঁলোকৰ আছে সুকীয়া স্থান। কিন্তু সময়ে কাকো ৰেহাই নিদিয়ে। ৱেষ্ট ইণ্ডিজৰ ক্ষেত্ৰতো সেয়াই হ'ল। বঞ্চিত হ'ল ৱেষ্ট ইণ্ডিজ। ভাৰতত অনুষ্ঠিতব্য ২০২৩ এদিনীয়া বিশ্বকাপত দেখা পোৱা নাযাব প্ৰাক্তন বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজক।

যোগ্যতা নিৰ্ণায়ক মেচত ক্ৰিকেটৰ শিশু স্কটলেণ্ডৰ হাতত শোচনীয় পৰাজয় ৱেষ্ট ইণ্ডিজৰ। ছুপাৰ ছিক্স পৰ্যায়ৰ মেচত স্কটলেণ্ডৰ হাতত ৭ উইকেটত পৰাস্ত হয় দলটো। ফলাফলৰ লগে লগে নিশ্চিত হয় ৱেষ্ট ইণ্ডিজৰ বিশ্ব জয়ৰ সপোন ধূলিসাৎ হোৱাৰ।

Also Read: ভৈৰৱকুণ্ডত হাতীৰ পোৱালি উদ্ধাৰ

west indies cricket