/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/297b9a07-0073-4796-a967-6e5bbf7b6451/enzo.jpg)
ডিজিটেল ডেস্ক : ২০২২ বৰ্ষৰ কাটাৰ বিশ্বকাপত আৰ্জেন্টিনাৰ বিজয়ী দলটোৰ অন্যতম সদস্য আছিল এঞ্জো ফাৰ্নাণ্ডেজ । সমগ্ৰ টুৰ্নামেন্টত ৫ খন খেল খেলি এটা গ'ল দিছিল এঞ্জোৱে । ইয়াৰ ওপৰিও মিডফিল্ডত ৰক্ষণাত্মক শৈলীত বহুবাৰ সলনি কৰিছিল খেলৰ গতি ।
কেৱল ২২ বছৰীয়া এঞ্জোৱে সমগ্ৰ বিশ্বক দেখুৱাইছিল বিশ্বকাপৰ হাইভল্টেজ খেলৰ অভিজ্ঞতা নাথাকিলেও কেৱল নিজৰ শৈলী আৰু বিচক্ষণতাৰে কেনেদৰে অন্যতম শ্ৰেষ্ঠ খেলুৱৈসকলকো ব্যতিব্যস্ত কৰি তুলিব পাৰি খেলপথাৰত ।যাৰ বাবেই বিশ্বকাপত উদীয়মান খেলুৱৈৰ বঁটা লাভ কৰিছিল এই এঞ্জো ফাৰ্নাণ্ডেজে ।
এতিয়া খেলুৱৈ গৰাকীক নিজৰ ক্লাবলৈ আনিবলৈ হাহাকাৰ কৰি ফুৰিছিল সকলো দলে । যাৰ বাবে খেলুৱৈগৰাকীকৰ বৰ্মানৰ ক্লাব বেনিফিকাই ইচ্ছা অনুযায়ী বৃদ্ধি কৰিলে খেলুৱৈ গৰাকীৰ দাম । কেৱল ১৭৩ কোটি টকাত ২০২২ বৰ্ষত বেনিফিকাই ক্ৰয় কৰিছিল এঞ্জোক । বৰ্তমান খেলুৱৈ গৰাকীৰ বজাৰ মূল্য ১০,৭৩১ কোটি টকা ।
এই সকলোৰে মাজতেই বিশ্ব বিখ্যাত ইংলিছ ফুটবল ক্লাব চেলছিয়ে ১২১ মিলিয়ন ইউৰোত অৰ্থাৎ প্ৰায় ৮,৭৩২ কোটি টকাত ক্ৰয় কৰিলে এঞ্জোক । এই মূল্য ইংলিছ ফুটবলৰ বাবে এক নতুন ৰেকৰ্ড ।
অৱশ্যে ভৱিষ্যতলৈ আন কোনো তাৰকা খেলুৱৈ যেনে এমবাপে অথবা হালাণ্ডক কোনো ইংলিছ ক্লাবে ক্ৰয় কৰিব বিচাৰিলে হয়তো ভংগ হ'ব এই ৰেকৰ্ড । কিন্তু তেতিয়ালৈ এই সোণালী সময় আৰ্জেন্টিনাৰ এঞ্জোৰ ।
আৰু পঢ়ক : কেৱল কাগজে কলমেই নেকি বিকাশৰ জোৱাৰ ?