কেৱল কাগজে কলমেই নেকি বিকাশৰ জোৱাৰ ?

কেৱল কাগজে কলমেই নেকি বিকাশৰ জোৱাৰ ?

ডিজিটেল ডেস্ক : আজি নতুন দিল্লীত দাখিল কৰা হ'ব ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট । এই বাজেটৰ এদিন পূৰ্বে অৰ্থাৎ ৩১ জানুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে প্ৰাক্ বাজেট অৰ্থনৈতিক সমীক্ষা ।

এই অৰ্থনৈতিক সমীক্ষাৰ পূৰ্বাভাসমতে ২-২৩-২৪ বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ হাৰ ৬-৬.৮ শতাংশ হে হোৱাৰ সম্ভাৱনা আছে । স্বাভাৱিকতেই চলিত বিত্তীয় বৰ্ষৰ ৭ শতাংশ বিকাশৰ হাৰৰ তুলনাত এই হাৰ ০.৫ শতাংশ কম । এইয়া হ'ব বিগত তিনি বছৰৰ তুলনাত সৰ্বনিম্ন । ২০২১-২০২২ বিত্তীয় বৰ্ষত জি ডি পিৰ বৃদ্ধিৰ হাৰ আছিল ৮.৭ শতাংশ ।

উল্লেখ্য যে, বিশ্বজুৰি সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে কেতবোৰ প্ৰভাৱ আমাৰ দেশতো অনুভুত হ'ব পাৰে, টকাৰ মূল্যমানৰ ওপৰত হেঁচা তীব্ৰতৰ হ'ব ।

ইয়াৰ ওপৰিও দীৰ্ঘকালীন মুদ্ৰাস্ফীতিৰ বাবে কেন্দ্ৰীয় বেংকসমূহে কঠোৰ আৰ্থিক নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে । এই বাধ্যবাধকতাৰ বাবে উন্নত দেশসমূহত অৰ্থনৈতিক কাম-কাজ মন্থৰ হৈ পৰিছে ।

আনহাতে, ২০২৪ বৰ্ষৰ নিৰ্বাচনৰ পূৰ্বে এইখনেই হ'ব মোডী চৰকাৰৰ নিৰ্ণায়ক বাজেট । এই বাজেটেই আগন্তুক নিৰ্বাচনৰ বহু কথা পৰিষ্কাৰ কৰি দিব ৰাইজৰ বাবে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in