/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/952c9676-22d1-47f9-bed1-2de70bca8d6f/durand.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় সামৰিক বাহিনীৰ উদ্যোগত আয়োজন কৰা হৈছে ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। এছিয়াৰ প্ৰথম তথা বিশ্বৰ পঞ্চম প্ৰাচীনতম ফুটবল প্ৰতিযোগিতাখনিৰ ১৩২ সংখ্যক সংস্কৰণৰ প্ৰথমখন গ্ৰুপ মেচত উজলি উঠে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9411548e-316b-4e2b-b60a-ab392dadcbb4/a7eaa560_7cc7_4015_92e7_d1f9e9538d2b.jpg)
শুকুৰবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত উদ্বোধনী মেচখনত নৰ্থ-ইষ্ট ইউনাইটেডে শ্বিলং লাজং এফ চিক পৰাস্ত কৰে। নৰ্থ-ইষ্ট ইউনাইটেডৰ খেলুৱৈ পাৰ্থিৱ গগৈৰ হেটট্ৰিকৰ সহায়ত লাজঙক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইফালে পাৰ্থিৱ গগৈয়ে ৩টা গ'ল কৰাৰ বিপৰীতে আনটো গ'ল কৰে ৰ'মাইন ফিলিপ'টেউক্সে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2a9c0183-3417-4fbd-9246-08e7d5781459/8295ae23_c872_4e2e_be1f_29fc2f8e7d6f.jpg)
উল্লেখ্য যে, শুকুৰবাৰে উক্ত মেচখনৰ পূৰ্বে গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত আনুষ্ঠানিকভাৱে ৰাজকীয় পৰিৱেশৰ মাজেৰে ১৩২ সংখ্যক ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰাৰ উপৰি বায়ুসেনাৰ দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শনত অধিক ৰোমাঞ্চিত হৈ উঠিছিল উদ্বোধনী অনুষ্ঠান।
Also Read: ইজৰাইলৰ পৰা ভাৰতে লাভ কৰিলে বিশেষ অস্ত্ৰ