আজিৰে পৰা আৰম্ভ হ'ব এছিয়াৰ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩

আজিৰে পৰা আৰম্ভ হ'ব এছিয়াৰ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা আৰম্ভ হ'ব এছিয়াৰ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হ'ব এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩। প্ৰথমবাৰৰ বাবে ১৮৮৮ চনতে আৰম্ভ হোৱা ডুৰাণ্ড কাপ হৈছে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিৰ এইবাৰৰ ১৩২তম সংস্কৰণত অংশগ্ৰহণ কৰিব ২৪ টাকৈ দলে।

Advertisment

বৃহস্পতিবাৰৰ সন্ধিয়া ৫.৪৫ত পশ্চিম বংগৰ বিবেকানন্দ যুৱ ভাৰতী কৃৰঙ্গন (চল্ট লেক ষ্টেডিয়াম)ত আৰম্ভ হ'ব ইয়াৰ প্ৰথমখন খেল। প্ৰথম প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ'ব মোহন বাগান এছজি বনাম বাংলাদেশ আৰ্মি এফটি। অসমৰ গুৱাহাটী, কোকৰাঝাৰ আৰু পশ্চিম বংগত অনুষ্ঠিত হ'ব লগীয়া এই প্ৰতিযোগিতাৰ বাবে মুঠ ৪৩খনকৈ মেচ অনুষ্ঠিত হ'ব।

আনহাতে ইয়াৰ দ্বিতীয়খন মেচ গুৱাহাটীৰ সৰুসঁজাই ষ্টেডিয়ামৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ৪ আগষ্ট, ২০২৩ তাৰিখে অনুষ্ঠিত হ'ব। য'ত প্ৰতিযোগিতাত নামিব নৰ্থইষ্ট ইউনাইটেড এফ চি বনাম শ্বিলং লাজং। এমাহ ধৰি অনুষ্ঠিত হ'ব লগীয়া এই প্ৰতিযোগিতাখনি পশ্চিম বংগৰ বিবেকানন্দ যুৱ ভাৰতী কৃৰঙ্গন (চল্ট লেক ষ্টেডিয়াম)ত ৩ ছেপ্তেম্বৰ, ২০২৩ত অন্ত পৰিব।

উল্লেখ্য বিগত বছৰৰ প্ৰতিযোগিতাখনিৰ ১৩১তম সংস্কৰণত বিজয়ী খিতাপ দখল কৰিছিল বাংগোলোৰু এফ চিয়ে। আনহাতে ফাৰ্ষ্ট ৰাণাৰ্চ আপৰ খিতাপ দখল কৰিছিল মুম্বাই চিটি দলে। মুঠ ৪৭খন মেচ অনুষ্ঠিত হোৱা বিগত সংস্কৰণটি অসমৰ গুৱাহাটী, মণিপুৰৰ ইম্ফল আৰু পশ্চিম বংগত অনুষ্ঠিত হৈছিল। প্ৰণিধান যোগ্য যে, পশ্চিম বংগৰ মোহন বাগান দলটো হৈছে এই প্ৰতিযোগিতাত আটাইতকৈ বেছি বিজয়ী খিতাপ দখল কৰা দল; যিয়ে বৰ্তমানলৈ ১৬ বাৰকৈ বিজয়ী খিতাপ দখল কৰিছে।

Also Read: ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাৰ বাবে ঘোষিত অসম দলত যোৰহাটৰ ১৩ খেলুৱৈ...

Durand Cup Football Tournament All India Football Federation