ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাৰ বাবে ঘোষিত অসম দলত যোৰহাটৰ ১৩ খেলুৱৈ...

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ঘোষিত অসম দলত যোৰহাটৰ ১৩ খেলুৱৈ...

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাৰ বাবে ঘোষিত অসম দলত যোৰহাটৰ ১৩ খেলুৱৈ...

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ঘোষিত অসম দলত যোৰহাটৰ ১৩ খেলুৱৈ...

ডিজিটেল সংবাদ যোৰহাটঃ অহা ১৬ আগষ্টৰ পৰা ২০ আগষ্টলৈকে উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ'বলগা ৩৯ সংখ্যাক ছাব-জুনিয়ৰ আৰু ৪৯ সংখ্যাক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব লগা অসম ৰাজ্যিক ২৮ জনীয়া সাঁতোৰ দলটোত যোৰহাট ছুইমিং ছ'চাইটিৰ ১৩ জন সাঁতোৰ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে।

Advertisment

নিৰ্বাচিত হোৱা খেলুৱৈসকল হ'ল ক্ৰমে ছাব-জুনিয়ৰ গ্ৰুপত সমৃদ্ধি কৌশিক আৰু অনুশ্ৰীয়া দাস। জুনিয়ৰ গ্ৰুপত অংশুমান কাশ্যপ, সংস্কাৰ ভূঞা, তীৰ্থাংক পেগু, নিবিৰ হাজৰিকা, তন্ময় মন্ত ভৰালী, অংশুমান দত্ত, আয়ুস বৰা, দৰ্শিতা বৰুৱা, ভূমিকা কাশ্যপ, শুভ্ৰাংসিনি প্ৰিয়দৰ্শিনী আৰু অনুশুয়া বৰা।

লগতে এই দলটোৰ প্ৰশিক্ষকৰূপে যাব যোৰহাট ছুইমিং ছ'চাইটিৰ কল্যাণ কিশোৰ কাশ্যপ। উল্লেখযোগ্য যে অসম সাঁতোৰ সন্থাক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগীয়া দলটোৰ খেলুৱৈ সকলক যোৰহাট ছুইমিং ছ'চাইটিৰ পৰা সভাপতি ৰক্তিম শইকীয়া আৰু সম্পাদক দেৱ কুমাৰ হাজৰিকাই আন্তৰিক শুভেচ্ছা জনাইছে।

Also Read: বিৰল ঘটনাঃ লোকসভাৰ অধিৱেশন বয়কট কৰিলে অধ্যক্ষ ওম বিৰলাই !

সাঁতোৰ প্ৰতিযোগিতা