ডুৰাণ্ড কাপঃ প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত কোকৰাঝাৰত আৰম্ভ লীগ মেচ

ডুৰাণ্ড কাপঃ প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত কোকৰাঝাৰত আৰম্ভ লীগ মেচ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এক নতুন ইতিহাসৰ সৃষ্টি কৰি বিটিআৰৰ সদৰভূমি কোকৰাঝাৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল ঐতিহাসিক ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ মেচ। অসম তথা বড়োলেণ্ড এলেকাৰ গৌৰৱময় ফুটবল যাত্ৰাত আন এক সৰ্ণিল যুগৰ আৰম্ভণি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেনা প্ৰধান মনোজ পাণ্ডে, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োকে আদিকে ধৰি আন কেইবাগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে ঐতিহাসিক ডুৰাণ্ড কাপৰ তৃতীয়খন মেচ আৰু কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন মেচ বড়োলেণ্ড এফচি আৰু ৰাজস্থান ইউনাইটেড এফ চিৰ মাজত অনুষ্ঠিত হয় ৷

দৰ্শকৰ পাৰভঙা উছাহ, তুমুল হৰ্ষোধ্বনিৰ মাজত আৰম্ভ হোৱা খেলখন পিছলৈ বতৰে বিধিপথালি দিয়ে । গেলেৰী ভৰ্তি দৰ্শকৰ পাৰভঙা উছাহৰ মাজতে বিৰতিলৈ কোনো দলে গল কৰিবলৈ সক্ষম নহল । বিৰতিৰ সময়তে বৰষুণৰ প্ৰকোপ বাঢ়ে আৰু বিৰতি শেষ হোৱাৰ পিছত পুনৰ খেল আৰম্ভ হয় । দৰ্শকসকলে বৰষুণত তিতি বুৰি খেল উপভোগ কৰাৰ পৰিলক্ষিত হয়। বিৰতিৰ ক্ষন্তেক সময়ৰ পিছতে ৰাজস্থান ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফচিক ১ গল দিবলৈ সক্ষম হয়। পিছে বৰষুণৰ প্ৰকোপ বঢ়াত ৰেফাৰীয়ে খেল স্থগিত কৰিবলৈ বাধ্য হয়। বৰষুণ কমাত পুনৰ খেল আৰম্ভ হয় আৰু ৰাজস্থান ইউনাইটেট এফচি বড়োলেণ্ড এফচিৰ বিৰুদ্ধে ১ -০ গলত জয়ী হবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, সেনা প্ৰধান মনোজ পাণ্ডেসহ ভাৰতীয় সেনাৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি খেল উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰে। ইপিনে ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজ ভাষণত খেলুৱৈসকলক আৰু ভাৰতীয় সেনাক অভিনন্দন জ্ঞাপন কৰে । তেওঁ ভাষণ প্ৰসংগত কয়- ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চল হ'ল ফুটবলৰ নাভিকেন্দ্ৰ । উত্তৰ পূৰ্বাঞ্চলৰ আৱেগৰ সতে জড়িত ক্ৰীড়া হ'ল ফুটবল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সুন্দৰ পৰিৱেশত, সুন্দৰ মঞ্চত আমন্ত্ৰণ কৰি অনা বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো ।

লগতে তেওঁ কয়- ইয়াত আহি ফুটবলৰ প্ৰতি জনতাৰ উছাহ দেখি অভিভূত হৈছো আৰু ভাৱিবলৈ বাধ্য হৈছো যে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ অন্তৰৰ যাত্ৰা ফুটবলৰ পৰাই আৰম্ভ হয়। ফুটবল মাত্ৰ খেল নহয়, ই আৱেগ আৰু সেয়েহে ব্ৰাজিলৰ খ্যাতনামা ফুটবল খেলুৱৈ পেলেই ১৯৭০ চনত নাইজেৰিয়াত হোৱা গৃহযুদ্ধ একমাত্ৰ ফুটবলৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছিল। নাইজেৰিয়াৰ উক্ত গৃহযুদ্ধত হাজাৰ-হাজাৰ লোকৰ মৃত্যু হৈছিল আৰু দুয়োপক্ষই কোনোমতেই সৈমান নহৈছিল, একমাত্ৰ পেলেই দুয়োপক্ষৰ মাজত প্ৰীতিমেচ খেলি শান্তি স্থাপন কৰিছিল। ফুটবল খেলে গৃহযুদ্ধ বন্ধ কৰিব পাৰে আৰু সেয়েহে ফুটবল এক যোগাত্মক খেল, শান্তিৰ খেল। তেওঁ কয়- ফুটবল খেলৰ নীতি-নিয়মৰ দৰেই প্ৰত্যেকেই নিজৰ জীৱনতো নীতি-নিয়ম মানি চলাৰ এক লক্ষ্য থাকিব লাগে আৰু তেতিয়াহে জীৱনত সফলতা লাভ কৰিব পাৰি । সেইকাৰণে কোনো খেলেই হওঁক বা সমাজেই হওঁক বা ৰাষ্ট্ৰই হওঁক নীতি-নিয়মৰ বহু প্ৰয়োজন তথা মহত্ব আছে আৰু সেয়া আমি অনুসৰণ কৰা উচিত।

লক্ষণীয়ভাৱে ৰাজনাথ সিঙে হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন সৎ ব্যক্তি আৰু দক্ষ ফুটবল খেলুৱৈ। এজন দক্ষ খেলুৱৈয়ে যেনেদৰে বিপক্ষৰ পৰা বলটো উলিয়াই নিব জানে ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মাইও অসমৰ যিকোনো সমস্যা দক্ষতাৰে সমাধান কৰি আহিছে। যাৰ দক্ষতাৰ বাবে অসমত উগ্ৰপন্থী সমস্যা নাইকীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাক প্ৰশংসা কৰি অনাগত সময়ছোৱাত অসমৰ যাতে দোপোতদোপে উন্নতি হয় তাৰ কামনা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

আনহাতে নিজৰ চমু ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১১০ কোটি টকা ব্যয়েৰে কোকৰাঝাৰত ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব বুলি সদৰি কৰি খেলখনে কোকৰাঝাৰৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত থকা মিলনৰ প্ৰতিচ্ছবিখন প্ৰতিফলিত কৰা বুলি সদৰি কৰে। প্ৰণিধানযোগ্য যে, উদ্বোধনী অনুষ্ঠানত ৩খন ছুখয় বিমান আৰু হেলিকপ্টাৰেৰে এয়াৰ শ্ব' কৰা হয় । ইয়াৰোপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ লগতে সেনাবাহিনীয়ে বিভিন্ন কলা-কৌশল, ভাঙৰা নাচ আৰু কামাণ্ডোসকলে খুকুৰী নৃত্য প্ৰদৰ্শন কৰে।

উল্লেখ্য যে কোকৰাঝাৰত ডুৰাণ্ড কাপ ফুটবলৰ ৮ খন লীগ মেচ আৰু ১খন কোৱাৰ্টাৰ ফাইনেলসহ সৰ্বমুঠ ৯খন খেল অনুষ্ঠিত হ'ব আৰু কোৱাৰ্টাৰ ফাইনেলৰ খেলখন অহা ২৪ আগষ্টত ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। কোকৰাঝাৰত অনুষ্ঠিত হোৱা ডুৰাণ্ড কাপ ফুটবলত ৮ টা দলে অংশগ্ৰহণ কৰিছে। দলসমূহ হ'ল ক্ৰমে- বড়োলেণ্ড এফচি, ওড়িশা এফচি, দিল্লী এফচি, ডাউনটাউন হিৰোচ এফচি, ৰাজস্থান ইউনাইটেড এফচি, ইণ্ডিয়ান আৰ্মী এফটি, ত্ৰিভূৱন আৰ্মী এফচি আৰু ছিলং লাজং এফচি ।

ডুৰাণ্ড কাপঃ প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত কোকৰাঝাৰত আৰম্ভ লীগ মেচ
কি অৱস্থাত আছে ড্ৰাগছ মাফিয়া জাকিৰ হুছেইনৰ গোচৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in