/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/af28e08b-9dde-4d9c-81d8-466d75337d4b/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ বিগত প্ৰায় ১০ মাহ পূৰ্বে গুৱাহাটী মহানগৰীত ড্ৰাগছৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়া জাকিৰ হুছেইনক মানকাচৰ আৰক্ষীয়ে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিজৰ জিম্মাত নি জেৰা অব্যাহত ৰাখিছে। যোৱা ২৭ জুন তাৰিখে পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰ থানা এলেকাৰ অধীনস্থ ঝাউডাঙা সমবায় সমিতিৰ সন্মুখত জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ফাৰুক আহমেদৰ নেতৃত্বত মানকাচৰ আৰক্ষীয়ে এক অভিযান চলাইছিল।
সমিতিখনৰ সম্মুখত প্ৰায় ৮-৯ মাহ ধৰি ৰৈ থকা এ এছ ০১ এফ চি ০৪৪৩ নম্বৰৰ ৰোহান নামৰ নৈশ বাছখনৰ পৰা এটা পইণ্ট ২২ এম এম পিষ্টল, ৬ জাঁই সজীৱ গুলী আৰু ৮ হাজাৰ য়ুৱা নামৰ নিচাযুক্ত টেবলেট জব্দ কৰা হৈছিল। বাছখনৰ কেবিনৰ ভিতৰত তলা লগোৱা অৱস্থাত বক্স এটাৰ পৰা আৰক্ষীয়ে পিষ্টল-গুলী আৰু ড্ৰাগছখিনি জব্দ কৰিছিল। ঝাউডাঙাৰ বাসিন্দা জাকিৰ হুছেইন নামৰ ড্ৰাগছ মাফিয়া জন এই বাছখনৰ মালিক।
নিজে বাছৰ মালিক হোৱাৰ বাবে অতি সহজে তেওঁ গুৱাহাটীৰ পৰা নৈশ বাছেৰে মানকাচৰত নিচাযুক্ত টেবলেট, ড্ৰাগছ, পিষ্টল সহজে সৰবৰাহ কৰিবলৈ সক্ষম হয়। কিন্তু মহানগৰী আৰক্ষীৰ হাতত ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱাৰ পাচত বাছখনৰ চলাচল বন্ধ হৈ পৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ২৭জুন তাৰিখে বাছখনৰ পৰা ড্ৰাগছ, পিষ্টল আৰু গুলী উদ্ধাৰ কৰি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে। আদালতৰ অনুমতি মৰ্মে শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ড্ৰাগছ মাফিয়া জাকিৰ হুছেইনক মানকাচৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে নিজৰ জিম্মাত নি শনিবাৰে পিষ্টল-গুলী আৰু ড্ৰাগছ উদ্ধাৰৰ গোচৰত হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰে।
উল্লেখযোগ্য ঘটনাৰ অধিক তদন্তৰ বাবে আদালতে জাকিৰক ৩ দিনৰ জিম্মাত দিয়ে। আৰক্ষীয়ে বৰ্তমানে জাকিৰক জেৰা চলাই থকা পৰিলক্ষিত হৈছে। নৈশ বাছত উদ্ধাৰ হোৱা পিষ্টত-গুলী আৰু নিচাযুক্ত টেবলেটখিনি কাৰ বাবে ক'লৈ নিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে জাকিৰৰ জেৰা চলাইছে। জেৰা সম্পন্ন হ'লে জাকিৰক পুনৰ হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হ'ব। ইয়াৰ পাছত তেওঁক কেন্দ্ৰীয় কাৰাগাৰত প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে।
Also Read: ব্যয়হীন-খৰতকীয়াকৈ নিষ্পত্তি হ'ব গোচৰঃ নগাঁৱত আয়োজন ৰাষ্ট্ৰীয় লোক আদালতৰ