জকোভিচ, নাডাল, ফেডাৰাৰৰ দক্ষতা মিলি তৈয়াৰ হৈছে আলকাৰাজ ! উইম্বলডনত ন তাৰকাৰ জন্ম...

জকোভিচ, নাডাল, ফেডাৰাৰৰ দক্ষতা মিলি তৈয়াৰ হৈছে আলকাৰাজ ! উইম্বলডনত ন তাৰকাৰ জন্ম...

author-image
Asomiya Pratidin
New Update
জকোভিচ, নাডাল, ফেডাৰাৰৰ দক্ষতা মিলি তৈয়াৰ হৈছে আলকাৰাজ ! উইম্বলডনত ন তাৰকাৰ জন্ম...

জকোভিচ, নাডাল, ফেডাৰাৰৰ দক্ষতা মিলি তৈয়াৰ হৈছে আলকাৰাজ ! উইম্বলডনত ন তাৰকাৰ জন্ম...

ডিজিটেল ডেস্কঃ টেনিছ ইতিহাসত সবাটোকৈ বেছি গ্ৰেণ্ড শ্লাম জয় কৰাৰ তালিকাৰ শীৰ্ষ ৩ টা স্থানত আছে  ৰজাৰ ফেডেৰাৰ, ৰাফেল নাডাল আৰু নভাৰ জকোভিচ। এই তিনি পুৰুষ টেনিছে খেলুৱৈৰ প্ৰতিভাৰ তুলনা নহয়। কিন্তু এই তিনি খেলুৱৈৰ দক্ষতা মিলি তৈয়াৰ হৈছে টেনিছৰ নতুন তাৰকা কাৰ্লোছ আলকাৰাজ।

Advertisment

এই কথা আমি কোৱা নাই। কৈছে নভাক জকোভিচে। কাৰ্লোছ আলকাৰাজৰ হাতত উইম্বলডনত পৰাস্ত হ'ল সৰ্বকালৰ অন্যতন শ্ৰেষ্ঠ টেনিছ খেলুৱৈ নভাক জকোভিচ। আৰু ইয়াৰ পাছতে কাৰ্লোছ আলকাৰাজক প্ৰশংসা কৰি জকোভিচে ক'লে ৰজাৰ ফেডেৰাৰ, ৰাফেল নাডাল আৰু জকোভিচৰ দক্ষতা মিলি তৈয়াৰ হৈছে কাৰ্লোছ আলকাৰাজ।

ছাৰ্বিয়ান টেনিছ তাৰকাগৰাকীৰ মতে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ গুণ আছে কাৰ্লোছ আলকাৰাজৰ গাত। জীৱনৰ প্ৰথমটো উইম্বলডনৰ খিতাপ জয় কৰি ক’ৰ্টতে আনন্দত উচুপি উঠিছিল কাৰ্লোছ।

মুঠ ৫ টা ছেটৰ মাৰাথান যুঁজৰ অন্তত স্পেনিছ খেলুৱৈগৰাকীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। জীৱনত প্ৰথমবাৰৰ বাবে উইম্বলডনৰ ট্ৰফী হাতত লৈ আৱেগিক হৈ পৰে আলকাৰাজ।

ইয়াৰ পাছত নিজৰ অনুভৱ ব্যক্ত কৰিবলৈ গৈ প্ৰতিপক্ষ জকোভিচক শ্ৰদ্ধা জনাই ট্ৰফী হাতত লৈ কাৰ্লোছ আলকাৰাজে কয়, জন্ম হোৱাৰে পৰাই দেখিছো আপুনি ট্ৰফী জয় কৰি আহিছে। শৈশৱৰ পৰা আপোনাকেই আদৰ্শ হিচাপে লৈ টেনিছ খেলিবলৈ আৰম্ভ কৰিছিলো।

ইফালে মেচখনত পৰাস্ত হৈ উচুপি উঠিল নভাক জকোভিচো। তেওঁ প্ৰতিপক্ষ কাৰ্লোছ আলকাৰাজক প্ৰশংসাৰে উপচাই দিবলৈও কুণ্ঠাবোধ নকৰিলে। সৰ্বাধিক গ্ৰেণ্ড শ্লেমৰ অধিকাৰী জকোভিচে ক’লে- যোগ্যতাৰ ভিত্তিতেই আজি মেচ জয় কৰিলে আলকাৰাজে। মই ভাবিছিলো তুমি মোক ক্লে কোৰ্ট বা হাৰ্ড কোৰ্টত টক্কৰ দিব পাৰিবা। ঘাঁহৰ কোৰ্টতো যে তুমি মোৰ বিৰুদ্ধে ইমান সুন্দৰ খেলিবা সেয়া ভবাই নাছিলো। অসাধাৰণ প্ৰদৰ্শন কৰিলা তুমি।

উল্লেখ্য যে, মাত্ৰ ২০ বছৰ বয়সতে এইগৰাকী নতুন তাৰকাই আমেৰিকা যুক্ত ৰাষ্ট্ৰ অ'পেন আৰু উইম্বলডন এই দুই গ্ৰেণ্ড শ্লাম জয় কৰিবলৈ সক্ষম হৈছে। জকোভিচ, নাডাল আৰু ফেডাৰাৰ পাছত যে তেওঁৱেই টেনিছৰ সম্ৰাট হৈ উঠিব তাৰ প্ৰমাণ যেন এই মেচখনতেই দাঙি ধৰিলে।

Also Read: অসমৰ বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰৰে SSC ৰ স্বাস্থ্য পৰীক্ষাত বহিঃৰাজ্যৰ যুৱক : ন মাইলত উত্তপ্ত পৰিস্থিতি...

টেনিছ নভাক জকোভিচ কাৰ্লোছ আলকাৰাজ উইম্বলডন