/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e9ba94fa-f42f-49c7-bbd5-85a609075929/AP_FOR_WEB_ssc.jpg)
অসমৰ বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰৰে SSC ৰ স্বাস্থ্য পৰীক্ষাত বহিঃৰাজ্যৰ যুৱক : ন মাইলত উত্তপ্ত পৰিস্থিতি...
ডিজিটেল ডেস্কঃ অসমীয়া নিবনুৱাক পেটে মাৰাৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বহিঃৰাজ্যৰ এক দুষ্ট চক্ৰ। অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ জালিয়াতিৰে কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ চাকৰিত যোগদানৰ চেষ্টা অব্যাহত আছে এই চক্ৰটোৰ।
আজি পুৱাই ন মাইলস্থিতি চি আৰ পি এফৰ কেম্পত তেনেদৰে অসমৰ ভুৱা প্ৰমাণপত্ৰৰে এছ এছ চিৰ স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অহা ২ ভুৱা পৰীক্ষাৰ্থীক কৰায়ত্ত কৰে অসমৰ পৰীক্ষাৰ্থীয়ে। বহিঃৰাজ্যৰ পৰা অহা এই দুই পৰীক্ষাৰ্থীয়ে অসমৰ ভুৱা প্ৰ-পত্ৰৰে পৰীক্ষাত বহিবলৈ আহিছিল।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে চি আৰ পি এফৰ কেম্পটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, এছ এছ চিৰ পৰীক্ষাত বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বহিঃৰাজ্যৰ বহু যুৱকে অসমৰ ভুৱা প্ৰমাণ পত্ৰৰে অৱতীৰ্ণ হোৱাৰ তথ্য ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাৰ লগতে বীৰ লাচিত সেনাইও তথ্য সহকাৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল।
এই সন্দৰ্ভত বীৰ লাচিত সেনা অসমৰ কামৰূপ জিলা সমিতিয়ে এক সংবাদ মেল সম্বোধন কৰি বহিঃৰাজ্যৰ একাংশই অসমৰ বাসিন্দাৰ প্ৰমাণৰ পত্ৰ জালিয়াতিৰে উলিয়াই এছ এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অসমৰ বাবে সংৰক্ষিত আসন অতি গোপনে কাঢ়ি নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।
সংবাদ মেলখনত বীৰ লাচিত সেনা অসমৰ কামৰূপ জিলা সমিতিৰ সভাপতি তন্ময় চেতিয়াই কৈছিল, এই দলটোৰ বিৰুদ্ধে এই পৰ্যন্ত ৰাজ্য চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। পৰিণতিত অসমৰ বাবে সংৰক্ষিত পদ কাঢ়ি নিবলৈ এই দলটো যেন বদ্ধপৰিকৰ হৈ পৰিছে। পিচে এয়া হ'বলৈ দিয়া নহ'ব। প্রয়োজনবোধে এনে দুষ্কাৰ্য ৰোধৰ বাবে বীৰ লাচিত সেনা আগবাঢ়ি আহিব।'
উল্লেখযোগ্য যে, সমগ্র দেশতে ষ্টাফ ছিলেকচন কমিছন চমুকৈ এছ এছ চিয়ে বিভিন্ন পদ পূৰণৰ বাবে ৰাজ্যই ৰাজ্যই লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছে। সেই অনুসৰি অসমতো এছ এছ চিৰ অধীনত খালী হোৱা বিভিন্ন বিভাগৰ পদ পূৰণৰ বাবে অনুষ্ঠিত হয় এই পৰীক্ষা।
কিন্তু এইবাৰ আশ্চর্যজনকভাৱে বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে এই পৰীক্ষাত অতি জালিয়াতিৰে অৱতীৰ্ণ হৈছে। এই লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ লগতে বীৰ লাচিত সেনাৰ সংবাদ মেলৰ পাছত আজি স্বাস্থ্য পৰীক্ষাৰ সময়ছোৱাত সংঘটিত হোৱা এই ঘটনাই এই অভিযোগবোৰৰ সত্যতাকে প্ৰমাণিত কৰিলে।
কিন্তু এতিয়া প্ৰশ্ন হয়, বহিঃৰাজ্যৰ এই যুৱকসকলে কিদৰে অসমৰ বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰ উলিয়ালে? কোনে এইদৰে তেওঁলোকক ভুৱা প্ৰমাণপত্ৰ যোগান ধৰিলে? এই চক্ৰটোৰ আঁৰত কোন জড়িত হৈ আছে?
অভিযোগ উঠিছে এই চক্ৰটোৰ সৈতে ৰাজ্যৰ আমোলা-বিষয়াও জড়িত হৈ আছে। অসম আৰক্ষীক গৃহ বিভাগে এই সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এইসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us